তামুলপুৰঃ বাগসা জিলাৰ তামুলপুৰ বিদ্যুৎ উপ সংমণ্ডলৰ অধীনস্থ এন কে আঙাৰকাটা গাঁওত বিদ্যুৎ বিভাগৰ সংঘটিত হৈছে এক আজৱ কাণ্ড। বি পি এল কাৰ্ডৰ জৰিয়তে বিদ্যুৎ সংযোগ লাভ কৰা এটা দৰিদ্ৰ পৰিয়াললৈ ৫ মাহৰ মূৰত বিল আহিল ৫৬১৯৭ টকা।
এই ঘটনা সংঘটিত হৈছে এন কে আঙাৰকাটা অভয়াপুৰ নিবাসী যাদব বৰ্মন নামৰ ব্যক্তিজনৰ লগত। ভুক্তভোগী লোকজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ইয়াৰ পূৰ্বে তেওঁ কোনো ধৰণৰ বিল লাভ কৰা নাছিল। তেনেস্থলত তামুলপুৰ বিদ্যুত উপ-সংমণ্ডলে কি যুক্তিত পাঁচ মাহত ৫৬১৯৭ টকাৰ বিল প্ৰেৰণ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগী যাদৱ বৰ্মনে।
বিদ্যুৎ বিভাগৰ এনে আজৱ কাণ্ড দেখি হতভম্ব হৈ পৰিছে ভুক্তভোগী পৰিয়ালটো। দিন হাজিৰা কৰি কোনো মতে পৰিয়ালটোক পোহপাল দিয়া যাদব বৰ্মনে মাত্ৰ তিনিটা লাইটৰ বাহিৰে কোনো ধৰণৰ সামগ্ৰী ব্যৱহাৰ নকৰাত এনে ধৰণৰ বিলে পৰিয়ালটোক স্বাভাৱিকতেই চিন্তিত কৰি তুলিছে। যদি এনেকৈ বিদ্যুৎ বিভাগে মিটাৰ ৰিডিং নকৰি বিল প্ৰেৰণ কৰে তেন্তে তেওঁৰ বিদ্যুৎ সংযোগ কাটি দিবলৈ তেওঁ বিভাগকটোক আহ্বান জনোৱাৰে লগতে সোণোৱাল মন্ত্ৰী সভাৰ শক্তি মন্ত্ৰীলৈ এনে আজৱ কাণ্ডৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে।
ইপিনে ৰাইজৰ অভিযোগ যে বিভাগীয়ভাৱে মিটাৰ ৰিডিং চাব নোযোৱাৰ ফলতে এনে ধৰণে অধিক হাৰত বিদ্যুৎ মাচুলৰ বিল লাভ কৰি আহিছে।