নলবাৰীঃ আৰ্থিক দৈন্যতাক তীব্ৰ প্ৰত্যাহ্বান জনাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জিলিকি উঠিছে নলবাৰী  জিলাৰ  টিহুৰ এগৰাকী ৰাজমিস্ত্ৰীৰ যোগালীৰ কন্যা। জিলাখনৰ টিহু হাটখলা নিবাসী তথা ৰাজমিস্ত্ৰীৰ যোগালী ৰাতুল দাস আৰু ৰুণুমা দাসৰ কন্যা ছয়ানিকা দাসে তিনিটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি ষ্টাৰ নম্বৰসহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আৰ্থিক দৈন্যতা যে মেধাৰ বাবে প্ৰাচীৰ নহয় তাকে প্ৰমাণ কৰিলে৷

ৰাজমিস্ত্ৰী আৰু পশুপালন বৃত্তিৰে কোনোমতে পৰিয়ালৰ পোহপাল দিয়া ৰাতুল দাসে আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী আৱাস গৃহ। বঞ্চিত হৈ আছে অনাময় আঁচনিৰ পৰাও৷ এনে পৰিস্থিতিত নিজৰ কৰ্মৰ সাঁচতীয়া ধনেৰে কন্যাৰ শিক্ষাৰ খৰছ বহন কৰিছিল ৰাতুল দাসে। টিহু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষাৰ্থী ছয়ানিকা দাসে অসমীয়াত ৮৬, ইংৰাজীত ৭৭, সাধাৰণ গণিতত ৯৫, সাধাৰণ বিজ্ঞানত ৮৫, সমাজ বিজ্ঞানত ৭৫, উচ্চ গণিতত ৭২ নম্বৰ লাভ কৰিছে। তেওঁ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ লক্ষৰে টিহুৰ আৰ্যভট্ট একাডেমীত নামভৰ্তি কৰিব। 

অতি কষ্টেৰে অধ্যয়ন অৱ্যাহত ৰখা ছয়ানিকাৰ এনে সাফল্যত টিহুৰ দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে। চয়নিকাৰ উচ্চ শিক্ষাৰ বাবে এতিয়া আৰ্থিক দৈন্যতাই হেঙাৰ হিচাপে থিয় দিছে। সেয়েহে চৰকাৰ, দল-সংগঠন তথা ৰাইজৰপৰা সহায় বিচাৰিছে চয়নিকা আৰু পিতৃ-মাতৃয়ে।