গুৱাহাটীঃ দেশবাসীৰ অধীৰ উৎকন্ঠাৰ অৱসান ঘটাই বৃহস্পতিবাৰে ঘোষিত হ’ল দেশৰ সপ্তদশ সাধাৰণ নিৰ্বাচনৰ ফলাফল। সমগ্ৰ দেশৰ লগতে অসমৰো ১৪ টা লোকসভাৰ সমষ্টিত বৃহস্পতিবাৰে পুৱা ৮ বজাৰেপৰা অনুষ্ঠিত হৈছিল লোকসভাৰ নিৰ্বাচনৰ ভোটগণনা। পূৰ্বৰ ধাৰা অটুট ৰাখি ৰাজ্যখনৰ অধিকসংখ্যক আসনে এইবাৰো দখল কৰিলে নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি তথা এনডিএ চৰকাৰখনে।
মোডী মেজিকত ধূলিসাৎ হৈ মাত্ৰ তিনিখন আসনতে সীমাবদ্ধ থাকিব লগা হ’ল কংগ্ৰেছ দলটো। তাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিলে ৯ খনকৈ আসন।
উল্লেখ যে অসমৰ ১৪ টা লোকসভা সমষ্টিৰ অধিক সংখ্যকতে পূৰ্বৰ তুলনাত এইবাৰ বৃদ্ধি পালে 'ন’টা’ত ভোটা দিয়া ভোটাৰৰ সংখ্যা। বিশেষকৈ ডিব্ৰুগড় সংসদীয় লোকসভা সমষ্টিত এইবাৰ সৰ্বাধিক ২১,২৮৩টা আৰু কৰিমগঞ্জত সৰ্বনিম্ন ৬,৫৫৫ টাকৈ 'ন’টা’ সাব্যস্ত হয়।
গুৰুত্বপূৰ্ণ কথা এই যে বিগত ২০১৪ বর্ষৰ সংসদীয় নিৰ্বাচনত ৰাজ্যখনত মুঠ ১,৪৭,০৫৭ টা 'নটা’ ভোট সাব্যস্ত হৈছিল। কিন্তু এইবাৰ সংসদীয় নিৰ্বাচনত সেই সংখ্যা ১,৭৮,৩৪৮ টালৈ বৃদ্ধি পালে।
সেই অনুসৰি এইবাৰ বাকী ১২ টা সমষ্টিত 'ন’টা’ ভোট সংখ্যা এনেধৰণৰঃ
যোৰহাট-১২,৫৬৯
গুৱাহাটী-১০,৪৬৬
বৰপেটা-৯৭৩৪
কলিয়াবৰ-১৫,৯১৩
তেজপুৰ-১৫,৬২৬
লখিমপুৰ-১৫,২২০
ধুবুৰী-৮৯৭৮
নগাঁও-১০,৭৫৭
কোকৰাঝাৰ-১৫,৯৮৮
শিলচৰ-৮৫৪৭
মঙলদৈ-১৮,৫১৮
ডিফু-৮১৯৬