♦ উত্তীৰ্ণৰ হাৰ অসন্তোষজনক কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ
কাকপথাৰঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯৫.৩৩ শতাংশৰে তিনিচুকীয়া জিলাৰ ভিতৰত তৃতীয় স্থান দখল কৰিছে ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰই।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কেন্দ্ৰ হিচাপে অনুমোদন লাভ কৰি পোন প্ৰথমবাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। ইয়াৰে তিনিগৰাকীয়ে ষ্টাৰ মাৰ্কসহ মুঠ ২০ গৰাকীয়ে প্ৰথম বিভাগত, ৯৬ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ২৭ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়।
বিদ্যালয়খনৰ মুঠ উত্তীৰ্ণ হাৰ ৯৫.৩৩শতাংশ। বিদ্যালয়খনৰপৰা মনোৰম সোনোৱালে ৮০.২ শতাংশ, টুটু দহোতিয়াই ৭৬.৮ শতাংশ আৰু প্ৰমীলা কলিতাই ৭৬ শতাংশ নম্বৰ লাভ কৰি ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয়।
নতুন পৰীক্ষা কেন্দ্রটোৰ এনে সাফল্যতাত উৎফুল্লিত হৈ পৰিছে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ ৰাইজ, দল সংগঠনে। পৰীক্ষা কেন্দ্ৰটোৰ এনে সাফল্যতাৰ খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে বিভিন্ন শুভাকাংক্ষীয়ে অভিনন্দন জনাবৰ বাবে কেন্দ্ৰটোত ভিৰ কৰা পৰিলক্ষিত হয়। আছাম প্ৰেছ ক’ৰেছপণ্ডেণ্ট ইউনিয়ন (আপকু) তিনিচুকীয়া জিলা সমিতি আৰু সদৌ মৰাণ ছাত্ৰ সন্থা ডিৰাক আ্ঞ্চলিক সমিতিয়ে এনে সফলতাক আদৰণি জনায় ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ্যা ৰিণা চুতীয়া মৰাণক অভিনন্দন জনায় এই ধাৰা ভৱিষ্যতেও অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
ইয়াৰ বিপৰীতে কাকপথাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰপৰা প্ৰথম বিভাগত ১৮ গৰাকী, দ্বিতীয় বিভাগত ৫৬ গৰাকী আৰু তৃতীয় বিভাগত ১৫৭ গৰাকী, সৰ্বমুঠ ২৩১ গৰাকী উত্তীৰ্ণ হয়। বিদ্যালয় খনৰ উত্তীৰ্ণৰ হাৰ ৭৭.৮৯ শতাংশ। কাকপথাৰ পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত কাকপথাৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ংকা মৰাণে চাৰিটা বিষয়ত লেটাৰ মাৰ্কসহ ৮৬ শতাংশ নম্বৰ লৈ ডিষ্টিংশ্বন আৰু কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা কপৌপাহি মৰাণে ৭৯.৬ শতাংশ নম্বৰসহ ষ্টাৰমাৰ্ক পাবলৈ সক্ষম হয়।