ফখৰুল ইছলাম, দৰংঃ আৰ্থিক দৈন্য শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যে কোনো বাধা হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে কৌপাটীৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে।
সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত দলগাঁৱৰ পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰপৰা বিজ্ঞান শাখাত এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীয়ে ৮০.৮ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ লগতে সমগ্ৰ কৌপাটী অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে।
পিতৃ ছামচুল হক আৰু মাতৃ ৰহিমা বেগমৰ প্ৰথমা কন্যা ৰজিনা ইয়াছমিনে ইংৰাজীত ৮৪, অসমীয়াত ৮০, পদাৰ্থ বিজ্ঞানত ৮০, ৰসায়ন বিজ্ঞানত ৮০, জীৱ বিজ্ঞানত ৮০ আৰু গণিতত ৫৭ নম্বৰ লাভ কৰিছে।
দৰিদ্ৰ পিতৃয়ে গাখীৰ আৰু ঘাঁহ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে। ৰজিনাই ভৱিষ্যতে এগৰাকী সু চিকিৎসক হৈ সমাজ সেৱা কৰিব বুলি জনাইছে। উল্লেখ্য, গাখীৰ আৰু ঘাঁহ বিক্ৰী কৰা পিতৃৰ ৰাজহাড় অপাৰেচন কৰাৰ ফলত ৰোগগ্ৰস্ত হৈছে পৰিছে। এই ক্ষেত্ৰত পিতৃ-মাতৃ আৰু ছাত্ৰীগৰাকীয়ে চৰকাৰ আৰু সমাজৰ সহায় বিচাৰিছে।