উজ্জ্বল চৌধুৰী, লিডু
লিডুঃ কয়লা নগৰী ৰূপে খ্যাত মাৰ্ঘেৰিটাত মৰনফান্দত পৰিণত হৈছে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ বিধায়ক ভাষ্কৰ শৰ্মাৰ গৃহ সমষ্টি হ’ল এই মাৰ্ঘেৰিটা৷ বৃহৎ বৃহৎ যান বাহনৰ চলাচল কৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাত! য’ত এতিয়া সঘনাই সংঘটিত হ’বলৈ ধৰিছে ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা৷ আজি বৰগোলাইত বিধস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে কেইবাখনো বাহন দুৰ্ঘটনাগ্ৰস্ত হ’বলগীয়া হয়৷
যাৰ বাবে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ৷ প্ৰায় দুঘন্টা সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধহৈ পৰে দুই শতাধিক যানবাহন৷ উল্লেখ্য যে, লিডু, বৰগোলাই, টিৰাপ আদি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা দেখিলে এতিয়া সাধাৰণ ৰাইজৰ চকু কপালত উঠিব৷ কিয়নো উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ লগতে চোৰাং কয়লাৰ বৃহৎ বৃহৎ গাড়ীয়ে এতিয়া একেবাৰে বিধ্বস্ত কৰি তুলিছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা৷ বিভিন্ন সময়ত নানান অৰাজনৈতিক দল সংগঠন সমূহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি আহিছে যদিও গা-লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ৷
যাৰ পৰিপেক্ষিতত ঘাই পথছোৱা অধিক বিধস্ত হৈ সাধাৰন ৰাইজৰ বাবে চৰম ভাবুকি কঢ়িয়াই আনিছে৷ স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাৰ স্থিতিকো ৰাইজে তীব্ৰভাৱে সমালোচনা কৰিছে৷ ৰাইজে বাৰিষাৰ পূৰ্বে শীঘ্ৰেই ঘাইপথছোৱা মেৰামতি কৰিবৰ বাবে চৰকাৰৰ ওচৰত আহবান জনাইছে৷