জিতুমনি নাথ, মৰিগাঁওঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত মৰিগাঁও জিলাই আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’লেও শিক্ষকৰ অভাৱে সমস্যাত পেলাইছে ছাত্ৰ-ছাত্ৰীক।

উচ্চতৰ মাধ্যমিকৰ তিনিটা শাখাৰ ফলাফলত মৰিগাঁও জিলাত কলা শাখাত ৰাজ্যৰ ৭৫.১৪ শতাংশ বিপৰীতে মৰিগাঁও জিলাত ৭৯.০৩ শতাংশ, বিজ্ঞান শাখাত ৰাজ্যৰ ৮৬.৫৯ শতাংশ বিপৰীতে মৰিগাঁও জিলাত ৮৭.০১ শতাংশ আৰু বাণিজ্য শাখাত ৰাজ্যৰ ৮৭.৫৯ শতাংশ বিপৰীতে মৰিগাঁও জিলাত ৯৫.০৮ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।

জিলাখনৰ এই ফলাফলে বৌদ্ধিক মহলত শিক্ষায়তনিক দিশত আশাৰ সঞ্চালনা কৰিলেও শিক্ষা গ্ৰহণত ছাত্ৰ-ছাত্ৰীসকলে ভোগ কৰি অহা সমস্যাসমূহক লৈ চিন্তিত কৰি তুলিছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলক।

'নিউজ নেক্সট ৱান’ৰ ফালৰপৰা চলোৱা এক অনুসন্ধানত মৰিগাঁও জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতৰ চ'ৰাত চলি থকা ছাত্ৰ-ছাত্ৰীৰে শিক্ষা গ্ৰহণত ভোগ কৰি অহা কেতবোৰ ভয়ানক আৰু বিস্ফোৰক তথ্য পোহৰলৈ অহাত জিলাখনৰ বৌদ্ধিক মহলৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। 

এই অনুসন্ধানত জিলাখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পৰ্যাপ্ত বিষয় শিক্ষকৰ অভাৱৰ পাছতো জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা আশানুৰূপ ফলাফলে বিশেষ তাৎপৰ্য বহন কৰিছে। কিয়নো জিলাখনৰ বহু কেইখন বিদ্যালয়ত শিক্ষকৰ অভাৱত ছাত্ৰ-ছাত্ৰীসকলে মূল বিষয়ৰ কেইবাটাও বিষয়ত পাঠদান নোহোৱাকৈয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। 

অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি মৰিগাঁও জিলাৰ ১৬ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই ৪৪ জন বিষয় শিক্ষক। শিক্ষকৰ অভাৱৰ পাছতো ছাত্ৰ-ছাত্ৰীসকলে জিলাখনত প্ৰদৰ্শন কৰি আহিছে আশানুৰূপ ফলাফল।

কিন্তু জিলাখনৰ মুঠ ১৬ বিদ্যালয়তে বছৰ বছৰ ধৰি বিষয় শিক্ষকৰ অভাৱে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা গ্ৰহণত সৃষ্টি কৰি আহিছে বাধাৰ প্ৰাচীৰ৷ আমি নিজাববীয়াকৈ জিলাখনৰ কেইখনমান বিদ্যালয়ত পৰ্যবেক্ষণৰ কালত প্ৰায়বোৰ বিদ্যালয়তে দেখা নগ’ল চৰকাৰীভাৱে থাকিবলগীয়া বিষয় শিক্ষক৷ 

বহু কেইখন বিদ্যালয়ত ৭-৮ বছৰ ধৰি অসমীয়া, ইংৰাজীক, শিক্ষা, ভূগোলকে আদি কৰি মূল মূল বিষয়সমূহৰ শিক্ষকৰ লগতে নাই কেইবাখনো বিদ্যালয়ৰ স্থায়ী অধ্যক্ষ৷ 

মৰিগাঁও চহৰৰ ঐতিহ্যময় বিদ্যালয় মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত নাই ৮ জনকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয় শিক্ষক। জানিব পৰা মতে, ঐতিহ্যময় এই বিদ্যালয়খনত দীৰ্ঘদিন ধৰি নাই ইংৰাজী, অসমীয়া, ভূগোল, বুৰঞ্জী, জীৱবিজ্ঞান, হিন্দী, আৰবী, ব্ৰেংকিঙৰ বিষয় শিক্ষক। তদুপৰি বিদ্যালয়খনত নাই স্থায়ী অধ্যক্ষ।

একেদৰে মৰিগাঁও চহৰৰ একমাত্ৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনতো আজিলৈকে নাই শিক্ষা, ভূগোলৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয় শিক্ষক। এই সন্দৰ্ভত একাংশ বিদ্যালয়ৰ অধ্যক্ষ আৰু মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জানিব দিয়া মতে বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ বাবে বিগত বছৰবোৰত দুবাৰকৈ চৰকাৰৰ নিৰ্দেশ অনুসৰিয়েই সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হৈছিল যদিও আজিলৈকে নিযুক্তি নিদিলে খালী হৈ থকা পদসমূহত৷

তাৎপৰ্যপূৰ্ণ কথাটো এইয়ে যে যিখিনি সময়ত চৰকাৰ তথা শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিকৰণৰ কথা কৈ আহিছে, সেইখিনি সময়তে মৰিগাঁও জিলাৰ প্ৰায়বোৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক পাঠদানৰ বাবে শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰপৰা টিউতৰ ফিজ লৈ ভাৰাতীয়া শিক্ষকৰে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাবলৈ বাধ্য হৈছে৷

বৰ্তমানে চলি থকা উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি প্ৰক্ৰিয়াটো ছাত্ৰ-ছাত্ৰী নামভৰ্তিৰ বাবে বহু ছাত্ৰ-ছাত্ৰী  আগবাঢ়ি আহিছে যদিও চৰকাৰী বিনামূলীয়া শিক্ষা গ্ৰহণৰ নামত টিউটৰ ফিজ দি পঢ়িব লাগিব এই সকল ছাত্ৰ-ছাত্ৰীয়ে।

আনহাতে দৰিদ্ৰ সীমাৰেখা তলৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে থিকেই কিন্তু তাৰ বিপৰীতে জিলাখনৰ বিদ্যালয়সমূহে পাবলগীয়া বাৰ্ষিক ধনসমূহ আজি তিনি বছৰ ধৰি চৰকাৰে আদায় নিদিয়াত জিলাখনৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ ক্ষেত্রত ভয়াৱহ সংকটতৰ সন্মুখীন হ’বলগীয়াত পৰিছে।

এই সন্দৰ্ভত মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ তিলক চন্দ্ৰ শইকীয়াৰপৰা জানিব বিচৰাত তেওঁ বিদ্যালয়সমূহে চৰকাৰৰপৰা পাবলগীয়া বাৰ্ষিক ধন তিনি বছৰ ধৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰপৰা লাভ কৰা নাই বুলি স্বীকাৰ কৰে।

অসমত অসমীয়া পঢ়িবলৈ ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষকৰ অভাৱ আৰু জিলাখনৰ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱ হোৱা বিষয়টো মৰিগাঁও জিলা সাহিত্য সভা, আছু, যুৱ ছাত্ৰ পৰিষদ, মানৱ অধিকাৰ সংগ্ৰাম সমিতি আদিকে ধৰি জিলাখনৰ বিভিন্ন দল-সংগঠনে অসম চৰকাৰৰ শিক্ষা বিভাগৰ এই দায়িত্বহীনতাক গৰিহণা দি অতি শীঘ্ৰে জিলাখনত খালী হৈ থকা পদসমূহ পূৰণৰ ব্যৱস্থা কৰিবলৈ  চৰকাৰক দাবী জনাইছে।