গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনত বিজেপিৰে-অগপ জেন্টলমেন চুক্তিৰ অনুসৰি ৰাজ্যসভাৰ দ্বিতীয়খন আসন লাভ কৰাৰ পাছত বিনা প্ৰতিদ্বন্দিতাৰে অগপৰ প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছত শনিবাৰে আমবাৰীৰ দলৰ মুখ্যকাৰ্যলয়ত দলীয় সম্বৰ্ধনা জনোৱা হয়।
দলটোৰ মুখ্য কাৰ্যলয়ত কেন্দ্ৰীয় নেতৃত্বৰ হৈ নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ গৰাকীক সম্বৰ্ধনা জনাই অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাধাৰণ সম্পাদক ডঃ কমলা কলিতাই সম্বৰ্ধনা জনায়।
ইয়াৰোপৰি নৱ নিৰ্বাচিত সাংসদ গৰাকীক অগপ বিধায়নী পৰিষদ, অসম যুৱ পৰিষদ, মহিলা পৰিষদ, কৃষক পৰিষদ, শ্ৰমিক পৰিষদ আৰু জিলা সমিতি সমূহে সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় নেতৃত্বই বৈশ্যক এডাল ফুলৰ বৰমালা, গামোচা, জাপি আৰু এখন সম্বৰ্ধনা পত্ৰৰে দলীয় সম্বৰ্ধনা জ্ঞাপন কৰে।