তিনিচুকীয়াঃ ইটোৰ পিছত সিটো বিতৰ্কই জোকাৰি গৈছে তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ চিকিৎসালয়ক। কিছুদিন পূৰ্বে প্ৰসূতিৰ পৰিয়ালৰ পৰা উৎকোচ গ্ৰহণৰ বিতৰ্ক মাৰ নৌযাওঁতেই পুনৰ আন এক বিতৰ্কৰ বাবে চিকিৎসালয়খন বাতৰিৰ শিৰোনামলৈ আহিছে।
জানিব পৰা মতে, যোৱা ১৪ মে'ত দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়ৰ মেডিচিন ৱাৰ্ডত (পুৰুষ) ভৰ্তি হৈছিলহি ডুমডুমাৰ ৰাজেন তাঁতী নামৰ ব্যক্তিজন। কেও-কিছু নোহোৱা ৰাজেন তাঁতীৰ যোৱা ২০ মে'ত মৃত্যু হয়।
কিন্তু শনিবাৰে নিশা প্ৰায় ১০ বজাত মৃত্যু হোৱা ৰাজেন তাঁতীৰ মৃতদেহ যোৱা দুদিন ধৰি পৰি ৰ'ল চিকিৎসালয়খনত।
♦ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত অৰাজকতা
চিকিৎসালয়ত মৰ্গ নথকাৰ অজুহাতত অন্যান্য ৰোগীৰ সৈতে এইদৰে পেলাই ৰখা হয় মৃতদেহ। এই সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষক জি. কে. মহন্তৰ লগত যোগাযোগ কৰাত মহন্তই চৰম উদ্ধতালিৰে অসমৰ কোনো চৰকাৰী চিকিৎসালয়ত মৰ্গৰ ব্যৱস্থা নাই আৰু অন্যহাতে যিটো অস্থায়ী মৰ্গ আছিল সেয়াও চিকিৎসালয়ৰ নতুন গৃহ নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হ'ল বুলি জানিবলৈ দিয়ে।
ইফালে চূড়ান্ত অস্বাস্থ্যসন্মতভাবে জীৱিত ৰোগীৰ লগত দুৰ্ঘটনাত পতিত উৱঁলি যোৱা মৃতদেহ এনেকৈ মৰ্গ নথকাৰ অজুহাতত থাকিবলৈ দিয়া ঘটনাই অনবৰতে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফটা ঢোল বজাই থকাৰ বিপৰীতে ফোঁপোলা স্বৰূপটো উদঙাই দেখুৱাইছে বুলি মন্তব্য কৰিছে সচেতন মহলে।
উল্লেখ্য যে মৃতদেহ এনেদৰে অনাদৃতভাবে পেলাই থোৱাৰ উপৰি চিকিৎসালয় চৌহদৰ আশে-পাশে থকা আবাসী আৰু অন্যান্য জীৱ-জন্তু তথা বায়ু প্ৰদূষণৰ সৃষ্টি কৰি চিকিৎসালয় কৰ্তৃপক্ষই বাটৰ কাষত চিকিৎসালয়ৰ পেলনীয়া সামগ্ৰী পেলাই জনজীৱন অতিষ্ঠ কৰি অহাৰ পিছত স্থানীয় সংগঠন আৰু ৰাইজৰ অভিযোগৰ ভিত্তিত তেনে কাৰ্যৰ বন্ধ কৰিবলৈ বাধ্য হৈছিল।
এনে পৰিপ্ৰেক্ষিতত ইটোৰ পিছত সিটো আঁচনি ঘোষণাৰে ৰাইজক চমকেৰে আভুৱা ভৰা স্বাস্থ্য বিভাগে তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ৰ নতুন ভৱন নিৰ্মাণ কৰি কি পৰিৱৰ্তন আনে সেয়া সময়েহে ক'ব।