ডিজিটেল ডেস্কঃ পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছে ইউৰোপত। এইবাৰ এই আক্ৰমণ সংঘটিত হৈছে মানচেষ্টাৰত। মঙলবাৰে স্থানীয় সময় অনুযায়ী নিশা ১০.৩০ বজাত সংঘটিত এই আক্ৰমণত  নিহত হয় অতি কমেও ২২জনকৈ লোক। আহত হয় ৬০ জনতকৈও অধিক।

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, মাৰ্কিন তাৰকা আৰিয়ানা গ্ৰেণ্ডৰ এটি সংগীতানুষ্ঠান চলি থকাৰ সময়তে সংঘটিত হয় এক ভয়াৱহ বিস্ফোৰণ। সংগীতানুষ্ঠানৰ শেষৰ ফালে একেলগে সংঘটিত হয় দুটাকৈ বিস্ফোৰণ।

উল্লেখ্য যে ইউৰোপৰ বৃহত্তম ইনড’ৰ এৰিনাৰ অন্যতম হৈছে মানচেষ্টাৰ এৰিনা। ১৯৯৫ চনত উদ্বোধনৰ পিছৰে পৰা ইয়াত বিশ্ব মানৰ কনচাৰ্ট অনুষ্ঠিত হৈ আহিছে। অৱশ্যে এই বিস্ফোৰণত শিল্পীসকল সম্পূৰ্ণৰূপে সুৰক্ষিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে নিৰাপত্তাৰ বাবে বন্ধ কৰি দিয়া হয় মানচেষ্টাৰ ভিক্টোৰিয়া ষ্টেশ্যনৰ ৰেল চলাচল।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী থেৰেছা মে’ই এই আক্ৰমণক নিন্দা কৰি তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে। 'আৰক্ষীয়ে এয়া সন্ত্ৰাসবাদী আক্ৰমণ বুলি অনুমান কৰিছে। চৰকাৰৰ তৰফৰ পৰা এই ঘটনাৰ তদন্ত কৰা হ’ব। আহত আৰু নিহতসকলৰ পৰিয়ালৰ সৈতে আমি আছো।’-প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

এতিয়ালৈকে কোনো সংগঠনে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আৰক্ষীয়ে ঘটনাটোৰ আৰত আইছিছ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। ২০১৫ চনত পেৰিচৰ বাটাক্লেন কনচাৰ্ট হলত সংঘটিত আক্ৰমণৰ সৈতে যথেষ্ট সাদৃশ্য আছে বুলিও সদৰী কৰিছে অনুসন্ধানকাৰী বিষয়াই। তালৈ চাই এয়া আত্মঘাতী আক্ৰমণ বুলি ধাৰণা কৰিছে মানচেষ্টাৰ আৰক্ষীয়ে।