কনক দেউৰী,খেৰণি
খেৰণিঃ শেহতীয়াকৈ টেট শিক্ষক সকলক ড্ৰাইভাৰ বুলি তুলনা কৰা কাৰ্য্য আদিৰে তীব্ৰ বিতৰ্কত সোমাই পৰা শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ কাম-কাজক লৈ তীব্ৰ অসন্তুষ্টি টেট শিক্ষকসকলৰ।
টেট উত্তীৰ্ণ শিক্ষকে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত ঠিকাভিত্তিক শিক্ষক হিচাপে নিযুক্তি লাভ কৰি বিভিন্ন সমস্যাৰ মাজেৰে সেৱা আগবঢ়াই আহিছে যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই এই পৰ্য্যন্ত চৰকাৰে।
অসম বিধান সভা নিৰ্বাচনত বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰত চাকৰি নিয়মীয়াকৰন কৰা সন্দৰ্ভত স্পষ্টকৈ উল্লেখ কৰিছিল বিজেপিয়ে। কিন্তু কাৰ্যকালৰ তিনিটা বছৰ অতিক্ৰম কৰাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে টেট শিক্ষকসকলে।
ৰাজ্যৰ ৪১ হাজাৰ টেট শিক্ষকৰ লগতে পশ্চিম কাৰ্বি আংলং টেট শিক্ষক সন্থায়েও হামৰেণস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত সমূহ প্ৰাথমিক টেট শিক্ষকসকলক নিয়মীয়াকৰণৰ দাবী জনোৱাৰ বিপৰীতে মাহিলী পাবলগীয়া বেতন নিয়মীয়া কৰাৰ বাবে দাবী উত্থাপন কৰে।
লগতে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত টেট পৰীক্ষা উৰ্ত্তীণ শিক্ষকসকলে অন্য জিলা বা ৰাজ্যৰ অন্য ঠাইত নিয়মীয়া পদৰ বাবে আবেদন জনাব নোৱাৰে, সেয়েহে কেন্দ্ৰ-ৰাজ্য শাসিত বিজেপি চৰকাৰখনে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা প্ৰতিশ্ৰুতিমৰ্মে প্ৰতিশ্ৰুতিসমূহ পুৰণ কৰাৰ দাবী তোলে টেট শিক্ষকসকলে।