♦ এছবিআই শাখা স্থানান্তৰকৰণৰ প্ৰতিবাদত ধৰ্মঘট, কেন্দ্ৰীয় বিত্ত মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান 

ছাদিকুজ জামান, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত কৃষি ঋণৰ নামত সংঘটিত হৈছে কোটি টকীয়া কেলেংকাৰী। এই কেলেংকাৰী গাপ দিবলৈ ভাৰতীয় ষ্টেট বেংকৰ মোৰাঝাৰ শাখা নীলবাগানত স্থানান্তৰকৰণক লৈ উওপ্ত হৈ পৰে মোৰাঝাৰ।

বুধবাৰে পুৱা ৮ বজাৰপৰা ২ বজালৈ মোৰাঝাৰ এছবিআই শাখা স্থানান্তৰকৰণৰ প্ৰতিবাদত মোৰাঝাৰ বজাৰত এছবিআই মোৰাঝাৰ শাখা গ্ৰাহক সুৰক্ষা আৰু সমন্বয় সমিতিৰ উদ্যোগত আৰু এনএছইউআই, আমছু, ইউডিএছএফ, আকছু, নেমছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, ড্ৰাইভাৰ ইউনিয়ন, মোৰাঝাৰ ব্যৱসায়ী সংস্থাকে ধৰি স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত মোৰাঝাৰ বজাৰত সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই কাৰ্যসূচীত কেইবা সহস্ৰাধিক বেংক গ্ৰাহক আৰু সচেতন ৰাইজ উপস্থিত হৈ হাতে হাতে প্লে কাৰ্ড লৈ নিজৰ দাবী সাব্যস্ত কৰে। এই কাৰ্যসূচী ৰূপায়ণৰ সময়ছোৱাত নিজৰ ভাষণত সমন্বয় সমিতিৰ সভাপতি আমিৰ উদ্দিনে বেংকত সংঘটিত দুৰ্নীতিৰ চিবিআই পৰ্যায়ৰ তদন্ত কৰি বাকী কেলেংকাৰীত জড়িত লোকসকলক আইনী শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় লগতে এই কেলেংকাৰীক গাপ দিবলৈ বেংক স্থানান্তৰকৰণৰ সিদ্ধান্তক প্ৰবল বিৰুধিতা কৰি কৃষি প্ৰধান এলেকাৰ ৰাইজৰ স্বাৰ্থত এই বেংক মোৰাঝাৰত বাহাল ৰাখিবলৈ অনুৰোধ জনায়।

উল্লেখ্য যে হোজাই জিলা উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী, এছবিআইৰ মুম্বাই কাৰ্যালয়ৰ চেয়াৰমেন, ৰেজনেল মেনেজাৰ, ১০ নং নগাঁও সংসদীয় সমষ্টিৰ সাংসদক পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰা হয়। ধৰ্মঘটস্থলীত হোজাই জিলা প্ৰশাসনৰ হৈ এগৰাকী অতিৰিক্ত উপায়ুক্ত উপস্থিত হৈ স্মাৰকপত্ৰ গ্ৰহণ কৰি আশ্বাস প্ৰদান কৰাত এই প্ৰতিবাদৰ অন্ত পৰে।

স্মাৰক পত্ৰত উল্লেখ যে ভাৰতীয় ষ্টেট বেংকৰ ১৯৮৬ চনত স্থাপিত মোৰাঝাৰ শাখাত চিএছপি গ্ৰাহকসহ মুঠ ১,০৩,১৮৩ জন গ্ৰাহক আছে, কেচিচি ঋণ বা লোন কেলেংকাৰীত বেংকৰ বিষয়াসকল জড়িত আছিল, ইতিমধ্যে কেইবাজন বিষয়াক নিলম্বনো কৰা হৈছে, মোৰাঝাৰৰপৰা মাএ দহ কিল’মিটাৰ নিলগত থকা নীলবাগানত দুটাকৈ ৰাষ্ট্ৰীয়কৃত বেংক আছে, য’ত মোৰাঝাৰৰ একমাত্ৰ বেংকটো তাত নিয়াৰ যুক্তিযুক্ততা নাই বুলি উল্লেখ কৰে। বৰ্তমান চলি থকা বিল্ডিঙৰ সলনি অইন বিল্ডিঙ বেংক কৰ্তৃপক্ষৰ প্ৰয়োজন হ’লে সমিতিয়ে সাজু কৰি দিব বুলি উল্লেখ কৰিছে। কিন্তু মোৰাঝাৰত শাখাটো মোৰাঝাৰত থাকিব লাগে।

উল্লেখযোগ্য যে মোৰাঝাৰ অঞ্চলৰ ৰাইজৰ একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠান। য’ত বৃহত্তৰ অঞ্চলটোৰ কৃষক, ব্যৱসায়ী, চৰকাৰী কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ লেন-দেনৰ একমাত্ৰ বেংক সেৱাৰ মাধ্যম মোৰাঝাৰ এছবিআই শাখা। প্ৰায় ৩৫ বছৰ ধৰি এই সুবিধা লাভ কৰি অহা লক্ষাধিক গ্ৰাহকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। বেংক কৰ্তৃপক্ষৰ স্থানান্তৰকৰণৰ সিদ্ধান্তত ৰহস্যৰ সৃষ্টি হৈছে। শেহতীয়া কে’বা কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে, এজন লোকক জে’ললৈ প্ৰেৰণ কৰা হৈছে, তদন্ত কৰি বাকী অপৰাধীসকলক কৰায়ও কৰিবলৈ গ্ৰাহক সুৰক্ষা আৰু সমন্বয় সমিতি তথা প্ৰতিবাদকাৰীয়ে দাবী তোলে। 

এনেবোৰ কাণ্ড আৰু বেংক কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ পাছতে অসন্তোষ্টিয়ে দেখা দিছে হোজাইৰ মোৰাঝাৰত। |যাৰ ফলত আজিৰ ধৰ্মঘটত স্বতঃস্ফূৰ্ত বাবে মোৰাঝাৰৰ অঞ্চলৰ মোৰাঝাৰ, চৌধুৰী বজাৰ, চিতলমাৰী, দেৱস্থান, ৰহমতনগৰ আদি বজাৰ, দোকান-পোহাৰ, স্কুল-কলেজ, যান-বাহনৰো সৰ্বাত্মক বন্ধ হোৱা পৰিলক্ষিত হয়। একপ্ৰকাৰ জনজীৱন স্তব্ধ হোৱা দেখা পোৱা গ’ল।