দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আকনা-পালাংদিত নোনা নৈৰ গৰাখহনীয়া আৰু মথাউৰিৰ অৱস্থা সম্প্ৰতি জটিল ৰূপ ধাৰণ কৰিছে। শেহতীয়াভাৱে হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত নোনা নৈখনৰ ঘগ্ৰাপাৰ ৰাজহৰ কেবাঠাইতো মথাউৰিটো বিভিন্ন অংশ খহাই নিয়াৰ উপৰিও ঘগ্ৰাপাৰৰ বুৰবুৰী নৈখনে কালৰূপ ধাৰন কৰিছে।

ফেনেফুটুকাৰে বাঢ়ি অহা নোনা নৈৰ মথাউৰিটো ঘগ্ৰাপাৰ ৰাজহৰ আকনা-পালাংদিত, ভিঠামহল-কলীয়া গোঁসাই থান, বুৰবুৰী, দোদেটীয়া, সোনকুৰীহা আদি ঠাইত যিকোনো মুহূৰ্ততে ছিঙি নিয়াৰ আশংকা ঘনীভুত হৈ পৰিছে। শেহতীয়াকৈ আকনা-পালাংদিত নৈখনৰ গৰাখহনীয়া তীব্ৰ গতিত আছে যদিও নলবাৰী জলসম্পদ বিভাগে খহনীয়া ৰুধিবলৈ গছৰ ডাল, কেইডালমান বাঁহ, কেটাম বস্তা আঁৰি দায়িত্ব সামৰিছে বুলি ৰাজহুৱা অভিযোগ উঠিছে।

ইফালে, ৰাজহ চক্ৰটোৰ বুৰবুৰীত নোনা নৈখনৰ বাঢ়নী পানীয়ে বিপদসীমাৰ ওপৰেদি বাগৰি মথাউৰিটোৰ ওপৰেদি বাগৰি অহাত অঞ্চলটোৰ গঞা ৰাইজে নিশা প্ৰহৰা দিয়াৰ উপৰিও তেওঁলোকে নিজাববীয়াকৈ মথাউৰিতো বস্তা আঁৰি বিপদৰপৰা ৰক্ষা পাবলৈ চেষ্টা কৰিছে।

উল্লেখ‍্য যে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভিঠামহল, বৰাজোল, আকনা, বামুণগাঁও, পানবাৰী, অৰৰা, পানমাজকুছি, সোনকুৰীহা, নাৰায়ণগাঁও, কাটুৰী, বাঘমাৰা, বিলপাৰ, বুৰবুৰী, নিজখগটা, কঞাজেনী, চিলিং, বৰজাৱৰীহাটী, লাটিমা, আমৰা, ধনৰা, নাৰপাৰা, চতমা, দেহাৰকুছি, বাহাৰঘাট, বৰখালা, লৰমা-বটাকুছি আদিকে ধৰি প্ৰায় কুৰিখন গাঁওৰ কৃষকসমাজৰ লগতে নৈপৰীয়া ৰাইজলৈ ভাবুকি কঢ়িয়াই আনিছে৷