গুৱাহাটীঃ অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এবছৰীয়া গেৰুৱা চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও উত্তৰ-পূৱতে কৰিব কেন্দ্ৰ চৰকাৰৰ তিনিটা বছৰ পাৰ কৰাৰ আনন্দ-উৎসৱৰ শুভাৰম্ভ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সুদক্ষ নেতৃত্বত দেশে পাৰ কৰা তিনি বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান ২৬ মে’ত আৰম্ভ হ’ব অসমত।

২১ দিনীয়া কাৰ্যসূচীৰে সমগ্ৰ দেশত আয়োজন চলিছে বৰ্ষপূৰ্তিৰ। লক্ষ্যণীয় যে সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ ৰৈছে যোৱা ৩ বছৰত হোৱা ভাৰতৰ উন্নয়নৰ খতিয়ানত।

তাৎপৰ্যৰ কথা যে কেন্দ্ৰীয় চৰকাৰৰ ৩ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানৰ শুভাৰম্ভ অসমত হ’ব। বিশেষকৈ গুৱাহাটীবাসীকে ধৰি ৰাজ্যবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে ২৬ মে'ৰ এই তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত সমবেত লক্ষাধিক লোকক আৰু কি দিব প্ৰধানমন্ত্ৰীয়ে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদী মাত্ৰ বৰ্ষপুৰ্তি অনুষ্ঠানৰ বাবে অসমলৈ নাহে। ইয়াৰ বাহিৰেও কিছু বেলেগ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব মোদীয়ে।

ধেমাজিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিস্থানৰ শুভাৰম্ভও কৰিব মোদীয়ে। ব্ৰহ্মাপুত্ৰৰ ওপৰত নৱনিৰ্মিত এছিয়া মহাদেশৰ আটাইতকৈ দীৰ্ঘতম ধলা-শদিয়া দলংখন উদ্ধোধন কৰিব মোদীয়ে।

বৰ্ষপুৰ্তি অনুষ্ঠানৰ সময়তে এই সমুহ উচ্চাকাংক্ষী প্ৰকল্প গ্ৰহণ কৰা বাবে চুবুৰীয়া দেশ চীন তথা সমগ্ৰ দক্ষিণ-পূৱ এছিয়াৰ দৃষ্টি নিবদ্ধ হৈ আছে মোদীৰ ওপৰত।