কোকৰাঝাৰঃ কেন্দ্ৰীয় চৰকাৰৰ তিনিবছৰীয়া বৰ্ষপূতি উপলক্ষে আৰু ৰাজ্য চৰকাৰৰ এক বছৰীয়া বৰ্ষপূতি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজ্যৰ কিছুমান জলন্ত সমস্যা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে ইউনাইটেট পিপলচ পাৰ্টী , লিবাৰেলৰ সভাপতি তথা প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই।
আজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উৰ্খাও গৌৰা ব্ৰহ্মই ক্ৰমবৰ্ধমান নিবনুৱা সমস্যাৰ পৰিণতিত উগ্ৰপন্থী সমস্যা বৃদ্ধি, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা, আলফা আৰু এনডিএফবিকে ধৰি আন বিদ্ৰোহী গোটৰ আলোচনা সন্দৰ্ভত চৰকাৰে কি ব্যৱস্থা হাতত লৈছে সেয়া ৰাজহুৱা কৰিবলৈ দাবী জনায়।
একেদৰে বড়ো সমস্যা, খিলঞ্জীয়া আৰু জনজাতিসকলৰ ভূমিৰ নিষ্পত্তিকৰণ, প্ৰাকৃতিক আৰু গোষ্ঠীদ্বন্দত ক্ষতিগ্ৰস্ত লোকসকলক সাহাৰ্য আৰু পুনৰসংস্থাপন, এনআৰচি উন্নীতিকৰণৰে সন্দেহযুক্ত নাগৰিকসকলক চিনাক্তকৰণ সন্দৰ্ভত চৰকাৰৰ স্থিতি কি সেই সন্দৰ্ভতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক স্পষ্ট কৰিবলৈ আহ্বান জনাইছে ইউপিপি(এল) দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই।
২৬ মে'ত দেশবাসীক উদ্দ্যেশি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণত ৰাজ্যৰ জলন্ত সমস্যাই স্থান পাব বুলি আশা প্ৰকাশ কৰি উৰ্খাও গৌৰা ব্ৰহ্মই উল্লেখিত বিষয়সমূহত প্ৰধানমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈও দাবী উত্থাপন কৰে নেতাজনে।