গুৱাহাটীঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ক্ষেত্ৰখনত এক অনন্য মাত্ৰা প্ৰদান কৰা দেশৰ দীৰ্ঘতম ঢলা-শদিয়া দলংখন আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে। আলফা স্বাধীনে এই কাৰ্যসূচীত কুটাঘাট সংঘটিত কৰিবপৰাৰ সম্ভাৱনাকে ধৰি বিভিন্ন কাৰণত কটকটীয়া নিৰাপত্তাৰ মাজত আজি মোদী ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হয়। বিমানবন্দৰতে পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ১০.০৫ বজাত পোনে পোনে ধলালৈ ৰাওনা হয় মোদী। 

কেন্দ্ৰৰ তিনিবছৰীয়া বৰ্ষপূৰ্তিৰ শুভাৰম্ভ কৰি মোদীয়ে ৯.১৫ কি.মি.ৰ দলংখন উদঘাটন কৰি কয় যে এয়া দেশখনৰ আন্তঃগাঁথনিৰ দিশত আটাইতকৈ মহত্বপূৰ্ণ প্ৰকল্প। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু ড'নাৰ মন্ত্ৰী চি পি ঠাকুৰৰ অনুমোদন মৰ্মে ২০১১ চনত ৰাজ্যৰ তদানীন্তন চৰকাৰৰ সহযোগত হায়দৰাবাদৰ নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেডে নিৰ্মাণ কৰি উলিয়াইছে এই দলংখন। প্ৰায় ১০ হাজাৰ কোটি টকাৰ ব্যয়ৰ বিনিময়ত নিৰ্মিত ৯.১৫ কি.মি.ৰ এই দলংখনে অসম আৰু অৰুণাচলৰ মাজৰ দুৰত্ব ১৬৫ কি.মি. হ্ৰাস কৰিছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰাৰ লগতে দেশৰ ভিতৰত সৰ্বাধিক দীৰ্ঘতম দলংখনত উঠি চোৱাৰ হেঁপাহত বিজেপিৰ দলীয় কৰ্মীৰ লগতে শদিয়াৰ পৰা ধুবৰী পৰ্যন্ত লক্ষাধিক লোকৰ ধলাৰ জি'ৰ পইণ্টত পুৱা প্ৰায় ৬.৩০ বজাৰ পৰা সমাগম ঘটিছে ৷

এই অনুষ্ঠানৰ পিছতে মোদীয়ে এইমছ আৰু কৃষি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। উল্লেখ্য যে ৬৮৭ একৰ মাটিত স্থাপন হ’বলগীয়া কৃষি গৱেষণা প্ৰতিষ্ঠানটোৰ নামত ১৫৫ কোটি টকা ব্যয় হ’ব বুলি কেবিনেটত ধাৰ্য কৰা হৈছিল।  

বিজেপি চৰকাৰখনৰ প্ৰতি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সঁহাৰিৰ কথা উল্লেখ কৰি মোদীয়ে ধন্যবাদ যাঁচি কয় যে অঞ্চলটোৰ উন্নয়নৰ বাবে মোদী চৰকাৰ প্ৰতিজ্ঞাবদ্ধ।

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালকে ধৰি উপস্থিত থাকে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, ৰাজ্যপাল বানোৱাৰি লাল পুৰোহিত, আৰু বহুকেইগৰাকী মন্ত্ৰী–বিধায়ক।   

ইয়াৰ মাজতে অসমত এবছৰীয়া বৰ্ষপূৰ্তি উদাযাপন কৰা সোণোৱালৰ নেতৃত্বাধীন গেৰুৱা চৰকাৰখনকো টুইটাৰযোগে অভিনন্দন যাঁচে মোদীয়ে।

আৱেলি এই উপলক্ষে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত ৰাইজক সম্বোধন কৰিব বুলি জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।   

Inputs from: NNO District Bureau #Tinsukia and NNO Digital Correspondent #Gogamukh