খেৰণিঃ সমগ্ৰ দেশৰ লগতে অসমতো যোৱা ২৪ মাৰ্চৰ মাজনিশাৰ পৰা অব্য্যাহত আছে লকডাউন। এই সময়ছোৱাত ভিন্ন প্ৰান্তত একাংশ লোকে বিশেষকৈ দিন হাজিৰা কৰা দৰিদ্ৰ পৰিয়ালৰ লোকসকলে খাদ্য সংকটৰ সন্মুখীন হোৱা দেখা গৈছে। পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ খেৰণিতো শ শ পৰিয়ালে লকডাউনৰ পৰিপ্ৰেক্ষিতত যথেষ্ট কষ্টৰ সন্মুখীন হ’বলগীয়াত পৰিছে।
খাদ্য সংকটৰ সন্মুখীন হোৱা জিলাখনৰ বৃহত্তৰ খেৰণি অঞ্চলৰ কেবাটাও পৰিয়ালক সাধ্য অনুযায়ী ইতিমধ্যে সাহায্য প্ৰদান কৰিছে এম এছ ডেৰা ইন্ডেন গ্ৰামীণ বিতৰক নামৰ গেছ এজেঞ্চিটোৱে। একেদৰে হামৰেন আৰক্ষী অধীক্ষক ডঃ ৰমণদ্বীপ কৌৰৰ নেতৃত্বত পাহাৰীয়া জিলাখনৰ দূৰ্গম মকৈলোম অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে প্ৰাক্তন জনপ্ৰতিনিধি দেৱী প্ৰসাদ উপাধ্যায়ে বৃহত্তৰ হাৱাইপুৰ অঞ্চলত দৰিদ্ৰ পৰিয়ালৰ মাজত বিগত ৪-৫ দিন ধৰি খাদ্য সামগ্ৰী বিতৰণ কৰি সহায়ৰ হাত আগবঢ়াইছে।
উল্লেখ্য যে যোগান ধৰা খাদ্য সামগ্ৰীৰ টোপলাত আছিল চাউল, দাইল, নিমখ, তেল, আলু, শাক-পাচলি আদি। সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙৰ হাৰলঙচৰা বহুমুখী সমবায় সমিতিৰ অধীনতো কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে বৃহত্তৰ আৰচঙ, ৰংহিদী, ফংজাংৰে, ডেৰাৰ-লক, হাৰলংচৰা, হাৰলং-চেৱাত, তেলেহৰ আদি অঞ্চলত উপস্থিত হৈ উক্ত সমবায়ৰ যোগেদি চাউল বিতৰণ কৰাৰ লগতে অৰ্থ সাহায্য প্ৰদান কৰি খাদ্য সমস্যা দূৰ কৰাত প্ৰত্যক্ষভাৱে সহায় আগবঢ়ায়।
একে সময়তে অঞ্চলবাসী ৰাইজক অব্যাহত থকা ২১ দিনীয়া লকডাউন পশ্চিম কাৰ্বি আংলংবাসীক সামাজিক দূৰত্ব বজাই ৰাখি নিষ্ঠাৰে, শৃংখলাবদ্ধভাৱে আৰু পৰিষ্কাৰকৈ পালন কৰি জিলাখনক কৰ’নামুক্ত জিলা হিচাপে গঢ় দিবলৈ আহ্বান জনাইছে মঙ্গলছিং তিমুঙে। এনে দুৰ্দিনত সাহায্য প্ৰদান কৰা সচেতন ব্যক্তিসকলৰ মহানুভৱতাক সকলোৱে শলাগ লোৱাৰ লগতে দৰিদ্ৰ পৰিয়ালৰ লোকসকলেও যথেষ্ট সকাহ অনুভৱ কৰা দেখা গৈছে।