অলিম্পিকত ইতিহাস ৰচি অসমৰ মাটিত ভৰি দিলে লাভলীনাই

ৰাজ্য চৰকাৰৰ সম্বৰ্ধনা অনুস্থানত ডি এচ পি সন্মানৰ বাবে আমন্ত্ৰণ

ডিজিটেল ডেস্ক,১২ আগষ্ট : টকিঅ' অলিম্পিকত ইতিহাস ৰচি প্ৰথমগৰাকী অসমীয়া হিচাপে পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোহাই আজি গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে লাভলীনাময় হৈ পৰে সমগ্ৰ ৰাজ্য। গামোচা, ফুলৰ থোপাৰে আদৰণি জনোৱা হয় মৰমৰ খেলুৱৈগৰাকীক।বিমান বন্দৰত অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আ বন্দৰত আদৰণি জনায় খেলুৱৈ গৰাকীক।বিমান বন্দৰত অসম চৰকাৰৰ আন মন্ত্ৰী সকলেওঁ আদৰণি জনায়।অসমীয়া পৰম্পৰা আৰু বিহু নৃত্যৰ সমাহাৰেৰে বিমান বন্দৰত ভিৰ কৰে শতাধিক শুভাকাংক্ষীয়ে।তাৰ পিছত প্ৰায় অৰ্ধশতাধিক বিলাসী বাহনৰ এক ৰেলীৰে খেলুৱৈ গৰাকীক অদৰি অনা হয় হোটেল তাজ ভিভাণ্টালৈ।আজিৰ এই ৰেলীৰ সময়ত হেজাৰ গুণমুুগ্ধই ৰাস্তাত গামোছা লৈ লাভলীনা বৰগোহাইক আদৰণি জনাবলৈ ৰৈ থকা দেখা যায়।বিমান বন্দৰত সাংবাদিকৰ লগত হোৱা মত বিনিময়ত যথেষ্ট আৱেগিক হৈ পৰে খেলুৱৈ গৰাকী।অসমৰ ৰাইজৰ পাৰ ভগা উচাহ দেখি চকুলো মচি কয় যে সোণৰ পদক আনিব নোৱাৰাটো মোৰ বাবে দুখৰ বিষয়।আগন্তুক পেৰিছ অলিম্পিকত সোণৰ পদক অনাৰ প্ৰতিশ্ৰুতি দিয়ে অসম তনয়াগৰাকীয়ে।

বিয়লি ৩ বজাত ৰাজ্য চৰকাৰে শ্ৰীমন্ত কলাক্ষেত্ৰত লাভলীনা বৰগোহাইক ৰজ্যিকভাৱে সম্বৰ্ধনা জনায়।এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বৰগোহাঁইক অভিনন্দন জনায় বক্তব্য ৰাখে।মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, "আমি ১২৫ টা বছৰ আমি অপেক্ষা কৰিছো। ১২৫ টা বছৰৰ পিছত অসমক এক বিৰল গৌৰৱ কঢ়িয়াই আনি নোপোৱা সকলোখিনি দিলে। লাভলীনাই আকাশ স্পৰ্শ কৰক।অসমৰ নতুন প্ৰজন্মৰ বাবে লাভলীনা প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব। যুগে যুগে অসমবাসীয়ে লাভলীনাক এই সাফল্যৰ বাবে মনত ৰাখিব।"

 

ৰাজ্য চৰকাৰে অলিম্পিকত পদক বিজয়ী তাৰকা খেলুৱৈগৰাকীৰ উপহাৰৰ চিন স্বৰূপে অসম আৰক্ষীৰ ডি এচ পি  পদ প্ৰদান কৰে।ৰাজ্যচৰকাৰে লাভলীনাক নগদ ১ কোটি টকাৰ আৰ্থিক পুৰস্কাৰৰ কথা ঘোষণা কৰাৰ লগতে লাভলীনালৈ মাহে ১ লাখ টকাৰ এক অনুদান আগবঢ়াব বুলি ঘোষণা কৰে৷।এই ধনৰাশি পৰৱৰ্তী পেৰিছ অলিম্পিক পৰ্যন্ত লাভ কৰিব।ইফালে সৰুপথাৰত ২৫ কোটিৰ ক্ৰীড়াপ্ৰকল্প লাভলীনাৰ নামেৰে নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। ক্ৰীড়াপ্ৰকল্পত থাকিব বক্সিঙৰ একাডেমী। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি, গুৱাহাটীৰ এটা পথৰ নামো লাভলীনা বৰগোহাঁইৰ নামেৰে নামাকৰণ কৰিব ৰাজ্য চৰকাৰে।

কেৱল ইমানেই নহয়, লাভলীনা বৰগোঁহাইৰ কেৰিয়াৰৰ আৰম্ভণিৰ  চাৰিগৰাকী প্ৰশিক্ষকলৈ ১০ লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে।