কোকৰাঝাৰঃ ৰাজ্যৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে কোকৰাঝাৰ পৌৰ সভাই এচ.এল. আৰ. এম আচঁনিৰ অধীনত হাতত লোৱা কোকৰাঝাৰ চহৰৰ সৌন্দৰ্য্যবৰ্ধনৰ অত্যাধুনিক পদক্ষেপৰ প্ৰতি আকৃষ্ট হৈ পৰিছে গুৱাহাটী পৌৰ নিগম ৷

কোকৰাঝাৰ পৌৰ সভাই বিগত এবছৰ ধৰি চহৰখনত দুটা ভাগ কৰি সংগৃহীত পেলনীয় সামগ্ৰী, জাঁৱৰ-জোথৰসমূহ নিষ্কাশনেৰে জৈৱিক সাৰকে ধৰি বিভিন্ন ব্যৱহাৰ যোগ্য সামগ্ৰী উৎপাদন কৰি আহিছে। এই গোটেই প্ৰক্ৰিয়াটো বুজ লবলৈ আজি গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ নেতৃত্বত জিএমচিৰ এটা দলে কোকৰাঝাৰ পৰিভ্ৰমণ কৰে৷

কোকৰাঝাৰত উপস্থিত হৈ মেয়ৰ মৃগেন শৰণীয়াই পৌৰ নিগমৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰীৰ সতে এক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে চহৰৰ বিভিন্ন এলেকা পৰিভ্ৰমণ কৰি স্বচ্ছতাৰ লগতে সৌন্দৰ্যবৰ্ধনৰ বাবে গ্ৰহণ কৰা কোকৰাঝাৰ পৌৰ নিগমৰ কাম কাজ সমুহ পৰিদৰ্শন কৰি ভূয়সী প্ৰশংসা কৰে।

পিছত মেয়ৰ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কোকৰাঝাৰ পৌৰসভাৰ আৰ্হিতে গুৱাহাটী মহানগৰৰ প্ৰতিটো ৱাৰ্ড চাফ চিকুনাই তুলিব পাৰি নেকি তাৰ বুজ লবলৈকে কোকৰাঝাৰ পৰিভ্ৰমণ কৰা বুলি সদৰী কৰে।

মেয়ৰ মৃগেন শৰণীয়াই গুৱাহাটী মহানগৰত জিএমচিয়ে প্ৰতিদিনে চাফ-চিকুণতাৰ নামত মাত্ৰাধিক জাঁৱৰ-জোথৰ সংগ্ৰহ কৰে বুলি মন্তব্য কৰি কোকৰাঝাৰ পৌৰ সভাৰ আৰ্হিত অনুৰূপ অত্যাধুনিক প্ৰকল্প গুৱাহাটীতো ৰূপায়ণ কৰিব পৰা যাব নে নাই তাৰ বাস্তৱিকতা সন্দৰ্ভত অধ্যায়ন চলাবলৈকে আঠজনীয়া জিএমচিৰ কৰ্মকৰ্তাৰ এটি দল লৈ কোকৰাঝাৰত উপস্থিত হোৱা বুলি সাংবাদিকক জনায়।

আজিৰ পৰিদৰ্শন কালত জিএমচিৰ মেয়ৰগৰাকীক সংগ দিয়ে বলেন ভৰালী, প্ৰাণকৃষ্ণ ভৌমিক, দেৱজিৎ ৰাজ ৰায়, প্ৰদীপ ৰায়, কাৰ্যবাহী অভিযন্তা বি.চৌধুৰী আৰু কাউঞ্চিলাৰ ৰাজেন দাস, ৰঞ্জিত বৰ্মনৰ লগতে কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰী আৰু ৱাৰ্ড কমিচনাৰ কৃষ্ণ মহন্তই।

কোকৰাঝাৰ পৌৰসভাৰ কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ অনুৰূপ কাৰ্যপন্থা গুৱাহাটীতো প্ৰয়োগ কৰা সন্দৰ্ভত চিন্তা চৰ্চা কৰিবলৈকে জিএমচিৰ দলটোৱে কোকৰাঝাৰ পৰিভ্ৰমণ কৰা কাৰ্যই কোকৰাঝাৰ পৌৰসভাক উৎফুল্লিত কৰি তুলিছে।