ডিমৌঃ অসমৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কে যি সময়ত কঁপালৰ কেঁচা ঘাম মাটিত পেলাই ক্ষুদ্ৰ চাহ বাগিচাত উৎপাদিত কেঁচা চাহপাতৰ উচিত মূল্য নাপাই হাহাকাৰ কৰি ৰাজপথত চাহপাত পেলাই দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে তেনে সময়তে নতুন আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে এখন ব্যতিক্ৰমী চাহ বাগিছাই।
উজনি অসমৰ এই ব্যতিক্ৰমী চাহ বাগিছাখন হৈছে ডিমৌৰ গোঁহাইবাৰী চাহ বাগিছা। বাগিছাখনে গুণগত মানৰ চাহপাত উৎপাদনৰে গ্ৰাহকৰ মন জয় কৰিবলৈ সমৰ্থ হোৱাৰ লগতে চাহ শ্ৰমিকসকলৰ বাবেও আশা ভৰসাৰ কেন্দ্ৰস্থল হৈ পৰিছে।
বাগিছাখনে বহু ক্ষুদ্ৰ চাহ খেতিয়ককো সকাহ দিবলৈ সমৰ্থ হৈছে। বৰ্তমান প্ৰতিকেজি কেঁচা চাহপাতৰ বিনিময়ত বৃহৎ বৃহৎ চাহৰ কলঘৰ কৰ্তৃপক্ষই পাতৰ দাম ১৬ ৰ পৰা ১৮ টকালৈকে দি থকাৰ পৰিৱৰ্তে এই বাগিছাখনে ক্ষুদ্ৰ খেতিয়কসকলক দিছে প্ৰতিকেজিত ২৫ ৰপৰা ৩০ টকা পৰ্যন্ত।
এই সন্দৰ্ভত বাগিছাখনৰ পৰিচালক ৰূপক কুমাৰ ফুকনে নিউজ নেক্সট ৱানক জনাই যে তেওঁলোকে আৰম্ভণিৰে পৰে গুণগত চাহপাত উৎপাদনত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। ফাইন লিফ ক্ৰয় কৰি ভাল চাহ তৈয়াৰ কৰি সেয়া কলকতাৰ বজাৰত প্ৰতিকেজি ১৭০-১৮৫ টকা দৰত বিক্ৰী কৰিবলৈ সমৰ্থ হৈছে বুলিও জানিবলৈ দিয়ে বাগিছাখনৰ পৰিচালক ফুকনে।
তেওঁ আৰু কয় যে এক কেজি ক'লা চাহ তৈয়াৰ কৰিবলৈ চাৰিৰ পৰা পাঁচ কেজি কেঁচা চাহপাতৰ প্ৰয়োজন হয়।এই প্ৰক্ৰিয়া প্ৰতিকেজিত উৎপাদন ব্যয় বাদ দি ২০ ৰ পৰা ৪০ টকা পৰ্যন্ত লাভ হয় বুলিও জনায় ফুকনে।
কেৱল গুণগত মানৰ চাহ উৎপাদনৰ লগতে শ্ৰমিক আৰু ক্ষুদ্ৰ চাহ খেতিয়কক উচিত মূল্য দিয়াৰ বাবেই ব্যতিক্ৰমী বাগিছাত পৰিণত হোৱা এইখন বাগিছা। এই বাগিছাখন ব্য়তিক্ৰমী বাগিছাত পৰিগণিত হোৱাৰ অন্যতম কাৰণ হৈছে অনলাইনযোগে দৰমহা আদায়।
ডিজিটেল ইণ্ডিয়াই সমগ্ৰ দেশত ব্যাপক জনপ্ৰিয়তা লাভ কৰাৰ সময়ৰে পৰা শ্ৰমিকসকলক অনলাইনযোগে দৰমহা আদায় দি আহিছে এইখন ব্যতিক্ৰমী চাহ বাগিচাই। এই ব্যৱস্থাই সমস্যাৰ পৰিৱৰ্তে শ্ৰমিকসকলক যথেষ্ট সহায় কৰা বুলি জানিবলৈ দিয়ে পৰিচালক ফুকনে। একেদৰে শ্ৰমিকসকলেও অনলাইনযোগে দৰমহা লাভ কৰি অতি আনন্দিত বুলি নিউজ নেক্সট ৱানৰ আগত সদৰী কৰে।
উল্লেখ্য যে মুঠ ৬০ হেক্টৰ মাটিকালিৰ এই বাগিচাখনে প্ৰতিবছৰে ৫লাখ কেজি পৰ্যন্ত ক'লা চাহপাত উৎপাদন কৰি আহিছে। বাগিছাখনত নিয়োজিত হৈ আছে ৩৫০ গৰাকীৰো অধিক শ্ৰমিক-কৰ্মচাৰী। এনেদৰে এতিয়া অসমৰ ভিতৰতে এখন আদৰ্শ বাগিছাত পৰিণত হৈছে ডিমৌৰ গোঁহাইবাৰী চাহ বাগিছা।