মৃত্যুৰ ফান্দত পৰিণত হৈছে গুৱাহাটীৰ উন্মুক্ত নলাসমূহ। এজাক বৰষুণৰ পিছতে কৃত্ৰিম বানত বুৰ যোৱা মহানগৰীৰ বাট-পথৰে পাৰ হৈ যাওতে আপুনিও সাৱধান হোৱা উচিত। কি ঠিক, সেই জলমগ্ন বাটৰে কোনোবা এটা খোজত ৰৈ থাকে মৃত্যুৰ কিৰিলি!

অৱশেষত অৱসান ঘটিল মহানগৰীৰ সেই ৬০ ঘণ্টীয়া উৎকণ্ঠাৰ। পুত্ৰৰ সন্ধানত গুৱাহাটীৰ নলাই নলাই ঘূৰি ফুৰা এগৰাকী পিতৃৰ নিদ্ৰাহীন, ভোকহীন অভিযানৰ অন্ত পৰিল সঁচা, কিন্তু ইয়াৰ লগে লগে নিৰ্বাপিত হ’ল পিতৃ আৰু গোটেই পৰিয়ালটোৰ আশা-ভাৰসা।

মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে নিশা নলাত উটি গৈছিল ৮ বছৰীয়া অবিনাশ। সময় বাগৰাৰ লগে লগে সকলোৱে ল’ৰাটোক সুকলমে ঘূৰাই পোৱাৰ আশা এৰি দিছিল। কিন্তু তাৰ পিছতো এটি ক্ষীণ আশা বুকুত বান্ধি হেৰুওৱা পুত্ৰক বিচাৰি দিন-ৰাতি একাকাৰ কৰিছিল পিতৃ-মাতৃ আৰু ককা-আইতাকে। কিন্তু নলাৰ সোঁতত উটি যোৱাৰ ৬০ ঘণ্টা পাৰ হোৱাৰ পিছত যেতিয়া উঁৱলি যোৱা অৱস্থাত উদ্ধাৰ হ’ল অবিনাশৰ মৃতদেহ, তাৰ পিছতে শোকত ভাগি পৰে গোটেই পৰিয়ালটো।

দেওবাৰে পুৱাৰ ভাগত ৰাজগড়ৰ এটা বন্ধ নলাৰ ‘শ্লেভ’ আঁতৰাই এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু পৌৰ নিগমৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে কণমানি অবিনাশৰ মৃতদেহটো। তিনিদিন নলাৰ বুকুত পাৰ কৰি ফুলি উঁৱলি যোৱাৰ উপক্ৰম হৈছিল ল’ৰাটোৰ মৃতদেহ। পৰিয়ালৰ লোকে সি পিন্ধি থকা পোছাক আৰু হাতৰ মণি-মুকুতাৰ মালাৰ জৰিয়তে সেয়া যে অবিনাশৰে মৃতদেহ নিশ্চিত কৰে।

ৰাজগড় পথ-অপূৰ্ব সিনহা সংযোগী পথটোৰ বন্ধ নলাত অবিনাশৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে লগে লগে গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালৰ মৰ্গলৈ প্ৰেৰণ কৰা হয়। তাতেই সেয়া হেৰুওৱা ডাঙৰ ল’ৰাটোৰে মৃতদেহ বুলি অবিনাশৰ পিতৃ-মাতৃয়ে নিশ্চিত কৰাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় তেওঁলোকৰ নুনমাটা শ্যামনগৰস্থিত বাসগৃহত। পিতৃ হিৰলাল সৰকাৰে নিজৰ কপালক ধিয়াইছে এতিয়া, নাভাৱো বুলিও তেওঁ ভাৱিবলৈ বাধ্য হৈছে যে তেওঁৰ বাবেই প্ৰাণ গ’ল নেকি পুত্ৰ অবিনাশৰ? 
  
কেনেকৈ কি হ’ল? 

দৰাচলতে বুধবাৰে পৰীক্ষা শেষ হৈছিল অবিনাশৰ। বৃহস্পতিবাৰৰ পৰা সিঁহতৰ গৰমৰ বন্ধ দিছে। বন্ধ মানে কেইদিনমান সি কিতাপ নল’লেও হ’ব, জ্যোতি নগৰৰ কালী মন্দিৰৰ সমীপতে থকা দেউতাকৰ দোকানত সিও কেইদিনমান দেউতাকৰ লগতে 'দোকানী’ হ’ব পাৰিব। 

বৃহস্পতিবাৰে সোনকালেই সি দেউতাকৰ দোকানখনলৈ গৈছিল। তাতেই বহি ম’ম’ খাইছিল অবিনাশে। তাৰ ভাল লাগে কালী মন্দিৰৰ সমীপৰ সেই ব্যস্ত পৰিৱেশটো। পথেৰে পাৰ হৈ হোৱা গাড়ীৰ শব্দ, বস্তু বিচাৰি দোকানলৈ অহা গ্ৰাহকসকল, কাষৰ ফাষ্টফুড খনৰ পৰা ভাঁহি অহা সজীৱ গোন্ধটোৱে এটা আমেজ দিয়ে তাকো। সেয়ে সেইদিনা সন্ধিয়া মাকে যেতিয়া তাক আনিবলৈ বুলি দোকানলৈ গৈছিল, সি তেতিয়া কৈছিল- 'আজি পাপাৰ লগত একেলগে যাম দিয়া।’ দেউতাকেও আপত্তি কৰা নাছিল।

কিছু সময় পিছতে নামি আহিছিল মুষলধাৰ বৰষুণজাক, নিমিষতে জলমগ্ন হৈ পৰিছিল উন্নয়নৰ সোণালী দিনেৰে আগবঢ়া মহানগৰীৰ বাট-পথবোৰ। পৰিপূৰ্ণ হৈ পৰা পথৰ দুয়োকাষৰ নলাৰে হোৰহোৰাই ববলৈ আৰম্ভ কৰিছিল পানী। বিকাশশীল মহানগৰীত নিৰ্মীয়মাণ উৰণ সেতুৰ অসম্পূৰ্ণ নিৰ্মাণকাৰ্যৰ বাবে জলমগ্ন পথত সৃষ্টি হৈছিল তীব্ৰ যান-জঁটৰ।

সন্ধিয়া ৮ মান বজাত বৰষুণ সামান্য শাম কটাত দোকানখন বন্ধ কৰি ঘৰলৈ উভতিছিল পিতৃ হৰলাল আৰু পুত্ৰ অবিনাশ। পিতৃৰ স্কুটীৰ পিছৰ চিটত বহি পৰি নাযাবলৈ দুই হাতেৰে পিতৃক জোৰকৈ খামুচি ধৰিছিল অবিনাশে। আকাশৰ পৰা গিৰগিৰাই নামি অহা বৰষুণজাকৰ ফাঁকে ফাঁকে দুয়ো আগবাঢ়িছিল ঘৰলৈ।

ঘটনাটো সংঘটিত হোৱাৰ পিছত হুলস্থূল শুনি কি হ'ল বুলি চাবলৈ ওলাই

আহিছে এজন স্থানীয় লোক, ফটোঃ NNO

জ্যোতিনগৰৰ যিটো পাহাৰীয়া পথেৰে পিতা-পুত্ৰই ধীৰ গতিৰে আগবাঢ়িছিল, সেই পথটোও ইতিমধ্যে চিপচিপিয়া পানীৰে ভৰি পৰিছিল। পথৰ দুয়োকাষৰ নলাবোৰ পানীৰে ভৰি পৰি কোবাল সোতেৰে নদী বিচাৰি বৈ গৈছিল। পথছোৱাৰ মাজে মাজে তেতিয়া ভৰিৰ পানীগাঁঠি বুৰ যোৱা পানী। 

জ্যোতি নগৰৰ গণেশ মন্দিৰৰ সমীপত পাহাৰৰ পৰা নামি অহা পানীৰে পিচল হৈ পৰা পথটোত আঁত ধৰিব নোৱাৰি স্কুটীখন ৰখাব বিচাৰিছিল পিতৃ হৰলালে। কিন্তু তেওঁ ৰখাব নোৱাৰিলে, পিচল বাটটোত স্কুটীখন বাগৰি পৰাত স্কুটীৰ পৰা চিটিকি কাষৰ উন্মুক্ত নলাত পৰেগৈ পুত্ৰ অবিনাশ। নলাৰ কোবাল সোঁতত ৮ বছৰীয়া ল’ৰাটো উটি যোৱাৰ সময়ত এবাৰ নে দুবাৰ তাৰ হাত দুখন পানীৰ পৰা ওপৰলৈ উঠিছিল। যেন স্কুটীৰ পিছফালে বহি অহাৰ সময়ত পৰি নাযাবলৈ দেউতাকক খামুচি ধৰি অহাৰ দৰে সিও এইবাৰো দেউতাকক খামুচি ধৰি সোঁতৰ পৰা উভতি আহিব বিচাৰিছিল। কিন্তু সি এইবাৰ দেউতাকক ঢুকিয়েই নাপালে।

নিমিষতে পুত্ৰক বিচাৰি হাহাকাৰ কৰি উঠা হৰলালেও জঁপিয়াই পৰে কোবাল নলাটোত। কিন্তু তেওঁ বিচাৰি নাপালে হেৰুওৱা পুত্ৰক। বহু সময় পিছত সেই স্থানত উপস্থিত হয় এছ ডি আৰ এফৰ জোৱান কেইজনমান। কিন্তু তেওঁলোকে নলাত নানামিলে। পাৰত ৰৈয়েই পৰিস্থিতিৰ বুজ ল’লে সকলোৱে। 

কিন্তু এগৰাকী পিতৃ হিচাপে ৰৈ থাকিব নোৱাৰিলে হৰলাল সৰকাৰে। বৃহস্পতিবাৰে বিভীষিকা হৈ নমা সেই সন্ধিয়াটোৰ পৰা পুত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা পৰ্যন্ত ইটোৰ পিছত সিটোকৈ মহানগৰীৰ নলাবোৰ চলাথ কৰে তেওঁ। কেতিয়াবা যদি অকলে, আন কেতিয়াবা আকৌ এছ ডি আৰ এফৰ লগত পুত্ৰক বিচাৰি চলোৱা অভিযানে অৱশেষত পুত্ৰৰ মৃত্যুৰ নিশ্চিত বাৰ্তাৰে শোকবিহ্বল কৰি তুলিলে হৰলাল সৰকাৰ।

ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰৰ ৰূপত প্ৰশাসন

বৃহস্পতিবাৰে নিশা প্ৰায় ৯.৪৫ বজাত সংঘটিত হৈছিল সেই ঘটনাটো। ৮ বছৰীয়া শিশুটি নলাৰ সোঁতত নিখোজ হোৱাৰ পিছতে হুৱাদুৱা লাগিছিল অঞ্চলটোত। হাতত এডাল লোহাৰ ৰড লৈ অকলেই নলাত পুত্ৰক বিচাৰি আৰম্ভ হৈছিল পিতৃ হৰলালৰ বিষাদ অভিযান, পাৰত বহি হিয়া ঢাকুৰি কান্দিছিল মাতৃ আৰু আইতাকেও।

অঞ্চলবাসীয়ে আশা কৰিছিল- শিশু এটি নিখোজ হোৱাৰ পিছত যুদ্ধকালীন তৎপৰতাৰে অভিযান চলাব মহানগৰ প্ৰশাসনে। পিতৃ-মাতৃয়েও আশা কৰিছিল, এতিয়াও ভালদৰে সন্ধান কৰিলে শিশুটিক উদ্ধাৰ কৰাটো সম্ভৱ হ’ব। কিন্তু বাস্তৱত তেনেকুৱা একোৱেই নহ’ল।

ঘটনাৰ বিষয়ে চান্দমাৰী আৰক্ষীক খবৰ দিয়াত নিশা কিছু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ এটা দল। কিন্তু তাকো ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰৰ ৰূপত। নিশাৰ অন্ধকাৰচন্ন নলাত অভিযান চলাবলৈ তেওঁলোকৰ হাতত নাছিল টৰ্চ এটাও। এছ ডি আৰ এফৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ কিছুসময় ওপৰে ওপৰে শিশুটিৰ সন্ধান চলাই ঘটনাস্থলীৰ পৰা উভতি যায়।

পিছদিনা পুৱাৰ ভাগৰ পৰা যুদ্ধকালীন তত্পৰাতেৰে পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হ’ব বুলি অঞ্চলবাসীয়ে আশা কৰিছিল যদিও শুকুৰবাৰে উদ্ধাৰ অভিযান আৰম্ভ হওতে হওতে দহ বাজি যায় আৰু উদ্ধাৰ অভিযানে বিয়লি ৪ বজাৰ পিছতহে গতি লাভ কৰাৰ অভিযোগ উত্থাপন হয়।  

শুকুৰবাৰে পুৱাৰ ভাগত পিতৃ হৰলাল সৰকাৰে পুত্ৰৰ সন্ধানৰ বাবে চানমাৰি আৰক্ষীৰ সহায় বিচৰাত প্ৰায় ১০ বজাত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় যদিও উদ্ধাৰ অভিযানক লৈ তেওঁলোকৰ হেমাহিহে অঞ্চলবাসীক ক্ষুব্ধ কৰি তোলে। 

মহানগৰ জিলা উপায়ুক্ত সুমিত সত্তাৱানো আহে ঘটনাস্থলীলৈ। কিন্তু কেৱল মাত্ৰ ক্ষন্তেক সময়ৰ বাবে। কেৱল চাকৰিৰ তাগিদাত ভুমুকি মাৰি তাৰ পিছতে আঁতৰ হোৱা উপায়ুক্ত সুমিত সত্তাৱানে শিশুটিৰ সন্ধানৰ দায়িত্ব প্ৰদান নকৰিলে কোনো দণ্ডাধীশ বা জিলা প্ৰশাসনৰ কোনো এজন প্ৰতিনিধিক। 

পুৱা ১০ বজাৰ পিছত শিশুটিৰ সন্ধানৰ বাবে এছ ডি আৰ এফৰ দল এটাৰ লগতে ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিত সিং। উদ্ধাৰ কাৰ্যত ব্যৱহাৰৰ বাবে এখন এক্সকেভেটৰো অনা হয় যদিও ব্যৱহাৰ নকৰাকৈয়ে সেইখন থৈ দিয়া হয়। পুৱাৰ পৰা লেহেমীয়া গতিৰে আৰম্ভ হোৱা উদ্ধাৰ অভিযান মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিয়লি ৪ বজাৰ পিছতহে পূৰ্ণগতিত চলাবলৈ আৰম্ভ কৰে প্ৰশাসনে।

'তঁহতে ঘৰলৈ গৈ জিৰণি ল’- পিতৃ-মাতৃক মুখ্যমন্ত্ৰীয়ে দিছিল বুজনি

ভোক-পিয়াহ এৰি পুত্ৰক বিচাৰি নুনমাটি, চানমাৰি অঞ্চলৰ নলাই নলাই ঘূৰি ফুৰা অবিনাশৰ পিতৃ-মাতৃক ঘটনাস্থলীৰ পৰা ঘৰলৈ পঠিয়াবলৈ নিজেই দায়িত্ব লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  ভোকে-পিয়াহেও তলাব নোৱাৰা পুত্ৰস্নেহে দুৰ্ঘটনাস্থলীতে আৱদ্ধ কৰা ৰখা পিতৃ-মাতৃক বুজাই বঢ়াই ঘৰলৈ পঠিয়াই মুখ্যমন্ত্ৰীয়ে। 

উদ্ধাৰ অভিযানস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই অবিনাশৰ পিতৃ-মাতৃক ঘৰত গৈ জিৰণি লোৱাৰ পৰামৰ্শ আগবঢ়ায়। নিৰুদিষ্ট কণমানি অবিনাশৰ মাতৃয়ে মুখ্যমন্ত্ৰীৰ সন্মুখত কয়, ''মোক মোৰ সন্তানটোক লাগে। মোৰ দুটাই ল'ৰা। সি ডাঙৰ আছিল। তাক লাগে মোক।'' ল’ৰাটোক লৈহে তেওঁলোকে ঘৰলৈ যাব বুলিও মন্তব্য কৰে অবিনাশৰ পিতৃ-মাতৃয়ে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ইয়াৰ পিছতে অবিনাশৰ পিতৃক বুজনি দি কয়, ''পুলিচে বিচাৰি আছে। আমি আজি আৰু কালিলৈ দুটা দিনে বিচাৰোঁ। তই অলপ ঘৰত জিৰণী ল’গৈ। তই যদি এনেকৈ ভাঙি পৰ তেন্তে ইটো ল'ৰাক কোনে চাব? মন ভাঙি পেলালে তাক কেনেকৈ চাবি? আমি জীৱনত অলপ সাহসী হ'ব লাগিব। ভগৱানে কৰক ইয়াত থকা ল'ৰাটোক বিচাৰি উলিয়াওক। দেউতাক, মাক দুয়োটা যদি এনেকৈ থাক তেন্তে যিটো ল'ৰা ঘৰত আছে তাক কোনে চাব? সিও বেয়া হৈ যাব।''

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ''আমিও আশা কৰোঁ সোনকালেই তাক বিচাৰি পাওঁক। আজিও বিচাৰিম, কালিলৈও বিচাৰিম। ভগৱানে দিয়া, ভগৱানৰ হাতত থকা বিষয়ত মানুহে একো কৰিব নোৱাৰোঁ। সব বস্তুৱেই ভগৱানৰ ওচৰত থাকে। তই কালি ৰাতিও ঘৰলৈ যোৱা নাই। তেনেকে হ'লে নহ'ব। তই যদি নিজকে এনেকৈ দুৰ্বল কৰি দিয়, ইটো ল'ৰাক কোনে চাব? আজি গধূলি ইহঁতে বিচাৰি থাকিব। আজি দুয়োটা ঘৰলৈ গৈ ভগৱানক প্ৰাৰ্থনা কৰিবি। অহা কালিও বিচাৰিব। যদি অহা কালিও বিচাৰি নাপাওঁ তেন্তে ৭২ ঘণ্টা হৈ যাব। ৭২ ঘণ্টা নলাৰ পানীত থকা 'বাটছা' এটা জীয়াই থাকিব বুলি ভাবিব নোৱাৰোঁ। অকনমান দুখ লাগিব মনটো। কোনো পধ্যেই মানিব নোৱাৰি। যিটো ল'ৰা আছে তাৰ কথা ভাবি মন অলপ ডাঠ কৰিব লাগিব। দুখ লাগিবই, ময়ো বাপেক।''

ইফালে উদ্ধাৰ অভিযানস্থলীত সাংবাদিকৰ সৈতে কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয়, ''উদ্ধাৰকাৰ্য চলি আছে। পাহাৰৰ পৰা অহা পানী। এই নলাটো ভৰলুৰ সৈতে সংযোগ হৈ আছে আৰু ভৰলু ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ হৈ আছে। ৪৮ ঘণ্টা পাৰ হৈ গৈছে।শিশুটো ড্ৰে'ইনত পৰাটো সত্য বুলিও যদি ধৰি লওঁ তেন্তে হয়তো ক'ৰবাত নহয় ক'ৰবাত কিবা এটা প্ৰমাণ পালো হয়। যি চেণ্ডেল পাইছে সেইযোৰ পিতৃয়েহে পাইছে। যদি শিশুটো মৃত বুলিও ধৰি লওঁ মৃতদেহ বহু দূৰ আগবাঢ়ি যাব পাৰে। যদি জীয়াই আছে বুলিও ধৰি লওঁ, তেন্তে এয়াও কিমান এটা ডাঙৰ কথা হ'ব লাগিব! কিমান শক্তি থাকিব লাগিব? গোটেই কথাবোৰ পুলিচে চাব। কিন্তু দেউতাক-মাকে যদি নোখোৱা নোবোৱাকৈ ইয়াত এনেকৈ থাকে তেন্তে তেওঁলোকো ভাঙি পৰিব। সেয়ে আমাৰ দায়িত্ব হ'ল আৰক্ষী প্ৰশাসনে নিজৰ কাম কৰক। ল'ৰাটোক বিচাৰি উলিয়াবলৈ যি পাৰে কৰক। দেউতাক-মাকক জিৰণী দিয়াৰ প্ৰয়োজন। আজি মই ইয়ালৈ অহাৰ এটাই কাৰণ যাতে মাক-দেউতাকক ঘৰলৈ পঠিয়াব পাৰোঁ।''

ইয়াৰোপৰি তেওঁ সাংবাদিকৰ আগত কয় যে ইমান বৰষুণৰ মাজত সংঘটিত হোৱা এই ঘটনাক দুৰ্ঘটনা বুলি নকৈ কেনেকৈ থাকোঁ। যেতিয়ালৈকে এছ ডি আৰ এফ, এ এন ডি আৰ এফে বিচাৰে উদ্ধাৰ অভিযান চলি থাকিব। আনহাতে উদ্ধাৰ অভিযানস্থলীতে দেও বা সোমবাৰৰ ভিতৰত হৰলাল সৰকাৰৰ ঘৰলৈ যোৱাৰো কথা দিয়ে মুখ্যমন্ত্ৰীয়ে। সাংবাদিকে কিবা আৰ্থিক ক্ষতিপূৰণ দিয়াৰ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ''আৰ্থিক ক্ষতিপূৰণ দিলেই হেৰায় যোৱা ল'ৰাটো ঘূৰি নাহে। যিহেতু আৰু এটা ল'ৰা আছে তাৰ শিক্ষা-দীক্ষাৰ ব্যৱস্থাৰ বিষয়ে আমি চিন্তা কৰিম।’’

অবিনাশৰ ঘৰলৈ মুখ্যমন্ত্ৰী, কংগ্ৰেছৰ প্ৰতিনিধি দল

দেওবাৰে পুৱা ৰাজগড়ৰ বন্ধ নলাত আঠ বছৰীয়া অবিনাশৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অন্ত পৰে তিনিদিনীয়া এক গভীৰ উত্কণ্ঠাৰ। ইফালে পিতৃ-মাতৃয়ে উদ্ধাৰ হোৱা মৃতদেহটো অবিনাশৰ বুলি চিনাক্ত কৰাৰ পিছত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় নুনমাটিৰ বৃহত্তৰ ভৱানীপুৰ অঞ্চলত। কান্দি কান্দি লেবেজান হৈ পৰা শিশুটিৰ পিতৃ-মাতৃ আৰু ককা-আইতাকৰ লগতে অসংখ্য শোকবিহ্বল লোকেৰে ভৰি পৰে অবিনাশৰ পিতৃগৃহৰ চোতাল।

ঘটনাৰ নিশাৰ নিজৰ ব্যৰ্থতাক ধিয়াই অবিনাশৰ পিতৃ হৰলাল সৰকাৰে কয়, “হে ভগৱান, তাক উটুৱাই নিয়াতকৈ মোক নিনিলা কিয়? সি মৰাতকৈ মই মৰিলে শান্তি পালোহেঁতেন। সি খুব শান্ত ল’ৰা, কাৰো পৰা অভিযোগ নাপাও। সেইদিনা সন্ধিয়া মোক ক’লে- পাপা মোমো খাম, মই ক’লো- খোৱা। তাৰ পিছত সি মোবাইলত গেম খেলিলে। তাৰ পিছত সি ক’লে- পাপা বলা ঘৰলৈ যাও। মই নিজে বৰ ভাল স্কুটাৰ চলাও, সেইদিনা কি হৈ গ’ল নিজেই গম নাপাও। মই ভাৱিব পৰা নাই হঠাত সি কিদৰে নোহোৱা হৈ গ’ল।”

দেওবাৰে অবিনাশৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে মহানগৰীৰ উন্মুক্ত নলাই সংঘটিত কৰা এই ঘটনাক লৈ সচেতন মহল সৰৱ হৈ পৰিছে। উন্নয়নৰ ঢাক-ঢোল বজাই অহা বিজেপি চৰকাৰৰ দিনত মহানগৰীৰ উন্মুক্ত নলাৰ বাবে বাৰে বাৰে সংঘটিত হৈ অহা দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় নুনমাটি ভৱানীপুৰ অঞ্চলৰ ৰাইজৰ লগতে সচেতন মহলে। 

ইফালে এই ঘটনাৰ পিছতে সোমবাৰে অবিনাশৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কণমাণি অবিনাশৰ ছবিৰ সন্মুখত সেৱা জনাই শিশুটিৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে শৰ্মাই।

আনহাতে সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দল এটাও অবিনাশৰ বাসগৃহত উপস্থিত হৈ শোকবিহ্বল পিতৃ-মাতৃক সাক্ষাত্ কৰি সমবেদনা জ্ঞাপন কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশ মৰ্মে ববিতা শৰ্মা, গুণকান্ত গগৈ, বালিকা লাহন পেগু, ৰূপা দেউৰী, বিপুল গগৈ, খলিলুৰ ৰহমান, মৌচুমি নেওগ, মাইনাজান বেগম আৰু আনচুলা দৈমাৰীয়ে মহানগৰীৰ উন্মুক্ত নলাই প্ৰাণ কাঢ়ি নিয়া অবিনাশৰ পিতৃ-মাতৃক সাক্ষাত্ কৰে।

মহানগৰীৰ যমদূত...

২০ বছৰৰ পূৰ্বে অবিনাশৰ দৰেই মহানগৰীৰ পথৰ উন্মুক্ত নলাত পৰি প্ৰাণ হেৰুৱাবলগীয়া হৈছিল উপামণি চৌধুৰী নামৰ এগৰাকী মহিলাই। কৃত্ৰিম বানত নিখোজ হোৱা মহিলাগৰাকীৰ মৃতদেহ পৰৱৰ্তী সময়ত উদ্ধাৰ হৈছিল পল্টন বজাৰৰ নন্দন হোটেলৰ সমীপৰ এটা নলাৰ জাৱৰৰ দমত। তেতিয়া ৰাজ্যত আছিল তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছৰ চৰকাৰ।

সেই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে ৰাজ্যজুৰি তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল তৰুণ গগৈৰ চৰকাৰ। মহানগৰীৰ কৃত্ৰিম বান আৰু ইয়াৰ বাবে সংঘটিত দুৰ্ঘটনাক লৈ সৰৱ হৈ পৰিছিল প্ৰতিগৰাকী সচেতন নাগৰিক। 

পিছত ক্ষমতালৈ বিজেপি আহিল। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীক স্মাৰ্ট চিটি সজোৱাৰ ঘোষণা কৰিলে। খৰালিৰ পানী সংকট আৰু বাৰিষাৰ কৃত্ৰিম বান সমাধানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ডিঙিৰ শিৰ ফুলাই মহানগৰবাসীক আশ্বাস দিলে নতুন চৰকাৰখনে।

কিন্তু বিজেপি চৰকাৰৰ কৃত্ৰিম বান সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰ মাজতে ২০১৭ চনত পুনৰ মহানগৰীৰ কৃত্ৰিম বানত প্ৰাণ দিবলগীয়া হয় তিনিজনকৈ লোকে। জুৰোডত বিদ্যুৎস্পৃষ্ট হৈ কৃত্ৰিম বানত মৃত্যুক সাৱটে পুষাণ কলিতা নামৰ এজন ছাত্ৰ আৰু আনোৱাৰ হুছেইন নামৰ এজন ব্যক্তিয়ে।

জু ৰোড অঞ্চলত জলমগ্ন পথত ছিঙি পৰা বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহিছিল পুষাণ কলিতা। ইফালে ছাত্ৰজনক বচাবলৈ বুলি আগাবঢ়ি প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আনোৱাৰ হুছেইন নামৰ ব্যক্তিজনেও। এই ঘটনাৰ মাত্ৰ কেইদিনমান পিছতে জুৰোড অঞ্চলতে সংঘটিত হৈছিল আন এক অনুৰূপ ঘটনা। পথৰ ওপৰত আৱদ্ধ পানীত ছিঙি পৰা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু ঘটিছিল দুলাল মালাকৰ নামৰ আন এজন যুৱকেও।

মাত্ৰ ৬ মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল কামৰূপ গ্ৰাম্য জিলাৰ ডিমুৰ নিৱাসী দুলাল মালাকৰ। জুৰোডস্থিত কে এফ চিৰ কৰ্মচাৰী আছিল তেওঁ। মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতিৰ মাজতে নিশা কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিছিল যুৱকজনে।


সন্তানৰ আশাত এনেদৰে ৰৈ আছিল দুৰ্ভগীয়া পিতৃ, ফটোঃ ফেচবুক

মাত্ৰ কেইটামান দিনৰ অগা-পিছাকৈ সংঘটিত এই দুটাকৈ ঘটনা আৰু তিনিজনকৈ লোকৰ মৃত্যুৰ পিছতে কিছু সময়ৰ বাবে তৎপৰ হৈ পৰিছিল তেতিয়াৰ সৰ্বানন্দ সোণোৱাল নে্তৃত্বাধীন চৰকাৰ। মহানগৰ প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়-ববীয়াৰ সৈতে বৈঠকত মিলিত হৈ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে কেইবাটাও প্ৰকল্পও হাতত লৈছিল বিজেপি চৰকাৰখনে। কিন্তু শেষত সকলো ফুটুকাৰ ফেন হ’ল।

মহানগৰীৰ উন্মুক্ত নলা আৰু কৃত্ৰিম বানে বাৰে বাৰে যমদূত হৈ প্ৰাণ কাঢ়ি আহিছে মহানগৰবাসীৰ। বাৰিষা নামিলেই বানত বুৰ যোৱা মহানগৰবাসীৰ নাজল নাথৰ অৱস্থালৈ পিছতে কেৰাহিকৈ চোৱাৰো সময় নাই প্ৰশাসনৰ। প্ৰতি বছৰেই কৃত্ৰিম বান ৰোধৰ বাবে ন ন পদক্ষেপ গ্ৰহণৰ আশ্বাস দিলেও অৱশেষত এজাক বৰষুণতে পুনৰ অচল হৈ মহানাগৰিকৰ জীৱন।

মহানগৰবাসীৰ মতে, চহৰখনৰ কৃত্ৰিম বান পৰিস্থিতি পূৰ্বৰ তুলনাত এতিয়া অধিক ভয়াবহ হৈ পৰিছে। যধে মধে গৃহ নিৰ্মাণৰ অনুমতি আৰু অপৰিকল্পতি পদক্ষেপে অধিক জটিলতালৈ ঠেলি দিছে বান পৰিস্থিতিক। হাতীগাঁৱৰ ঘোৰামাৰা অঞ্চলৰ এগৰাকী নিৱাসীয়ে কয়, ''পূৰ্বে আমাৰ এই অঞ্চলটোত বানপানী হোৱা নাছিল। কিন্তু যোৱা ৬-৭ বছৰ মানৰ পৰা পানী হ’বলৈ লৈছে। চৰকাৰে য’তে ত’তে ঘৰ নিৰ্মাণৰ অনুমতি দিছে, ডাঙৰ ডাঙৰ অট্টালিকা গঢ় লৈ উঠিছে। কিন্তু বৰষুণৰ পানী উলিয়াই পেলোৱাৰ বাবে কোনো ব্যৱস্থা নাই, বানপানী নহ’বনো কিয়?’’

ইফালে উন্নয়নৰ নামত মহানগৰীত নিৰ্মাণ কৰা ইখনৰ পিছত সিখন উৰণ সেতু আৰু নলা নিৰ্মাণৰ লেহেমীয়া গতিয়েও চহৰখনৰ কৃত্ৰিম বান সমস্যা বৃদ্ধিত অৰিহণা যোগোৱা পৰিলক্ষিত হৈছে। চানমাৰি, ৰুক্মিণীগাঁও, ছয়মাইল, হাতীগাঁও, চিৰিয়াখানা পথৰ দৰে কেইবাটাও অঞ্চলত কৃত্ৰিম বান সমস্যাৰ প্ৰধান কাৰণ পথৰ দাঁতিৰ নলাৰ লেহেমীয়া নিৰ্মাণকাৰ্য বুলি দাবী কৰে অঞ্চলবাসীয়ে।