প্ৰতীকি ফটো
প্ৰতীকি ফটো

গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত ৰাক্ষসিনীত বিবাহিত মহিলা এগৰাকীক ৬পাষণ্ডই দলবদ্ধ ধৰ্ষণ কৰা ঘটনাই জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

মৰনৈ আৰক্ষী সুত্ৰই জনোৱা মতে যোৱা নিশা ৰাক্ষসিনীত মহিলা এগৰাকীয়ে স্বামীৰ সৈতে সামান্য কাজিয়াত লিপ্ত হৈ টেম্প'ত উঠি জিলাখনৰে বগুৱান থানাৰ অন্তৰ্গত কালজানীৰ আত্মীয়ৰ ঘৰলৈ বুলি ওলাই যায়। 

সেই সময়তে ছয়জনীয়া পাষণ্ডৰ দল এটাই মহিলাগৰাকীক বলপূৰ্বকভাৱে ওচৰতে থকা শালনিৰ মাজলৈ নিয়ে আৰু দলবদ্ধ ধৰ্ষণ কৰে৷ ইফালে মহিলাগৰাকীক বিচাৰি নাপাই পৰিয়ালৰ লোকে মৰনৈ আৰক্ষীক অৱগত কৰে৷

আৰক্ষীয়ে বিভিন্ন ঠাইত বিচাৰি অৱশেষত শেষ নিশা মহিলাগৰাকীক শালনিৰ পৰা উদ্ধাৰ কৰে ৷ লগে লগে আৰক্ষীয়ে মহিলাগৰাকীক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷

ইফালে ঘটনা সন্দৰ্ভত ৬পাষণ্ডৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আজি দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয় আৰক্ষী।ধৃত পাষণ্ড দুজনক ৰাক্ষসিনীৰ নুৰুল ইছলাম (২৭) আৰু আছমত আলী (২২) বুলি জানিব পৰা গৈছে৷ বাকী পাষণ্ড কেইজনৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে।