ডিজিটেল ৰিপ'ৰ্টঃ  ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে ইচ্ছাকৃত ভাৱে উত্তীৰ্ণৰ হাৰ বঢ়াই দিয়ে বুলি ইতিপূৰ্বে কৰা বিস্ফোৰক অভিযোগৰ পিছত আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক তিনিওটা শাখাৰ ফলাফল ৰহস্যজনকভাৱে নিম্নগামী হৈছে।

আজি ঘোষিত হোৱা ফলাফল অনুসৰি বিজ্ঞান শাখাত ৮৬.২৪ শতাংশ , বাণিজ্য শাখাত ৮২.৭২ আৰু কলা শাখাত ৭৩.১৬ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাত সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ হ'ল ৮০.৭০ শতাংশ।

আনহাতে বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ক্ৰমান্বয়ে বিজ্ঞান শাখাত ৯০.৯৬ , বাণিজ্য শাখাত ৮৬.০১ আৰু কলা শাখাত ৭৯.৯২ শতাংশ। অৰ্থাৎ সামগ্ৰিক উত্তীৰ্ণৰ হাৰ আছিল ৮৫.৬৩ শতাংশ।

বিগত বৰ্ষৰ তুলনাত এইবাৰ ৪.৯৩ শতাংশ ফলাফল নিম্নগামী হোৱাৰ তথ্যই শৈক্ষিক ক্ষেত্ৰৰ অৱনতি ঘটিছে নে চৰকাৰৰ নিৰ্দেশত বৰ্ডসমূহে নিজ ইচ্ছামতে ফলাফল তৈয়াৰ কৰে সেয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

শৈক্ষিক জয়যাত্ৰা উৰ্ধমুখী হোৱাৰ বিপৰীতে নিম্নগামী হোৱা ঘটনাৰ পিছত কাইলৈ ঘোষিত হ'ব লগা মেট্ৰিকৰ ফলাফলো নিম্নগামী হ'ব বুলি সন্দেহ কৰি চিন্তিত হৈ পৰিছে অভিভাৱকসকল।