মঙলদৈঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত দৰং জিলালৈ সুনাম কঢ়িয়াই আনিছে ৪ কীৰ্তিমানে। এই ৪ কীৰ্তিমান হৈছে ছাবিনা ইয়াছমিন, সৌৰভ পাহাৰীয়া, নৱনীতা ভৰদ্বাজ আৰু জ্যেতিষ কলিতা।
 
জিলাখনৰ সদৰ চহৰ মঙলদৈৰ আগশাৰীৰ শিক্ষানুষ্ঠান ব্ৰিলিয়েন্ট একাডেমীলৈ সুনাম কঢ়িয়াই অানি সৰ্বমুঠ ৪৭৮ নম্বৰেৰে কলা শাখাত দ্বিতীয় স্থান লাভ কৰে ছাবিনা ইয়াছমিনে। ছাবিনাই ইংৰাজীত ৯৩¸ বিকল্প ইংৰাজীত ৯৩¸ ভূগোলত ৯৯¸ তৰ্কশাস্ত্ৰ-দৰ্শনত ৯৫ আৰু নৃতত্বত ৯৮ নম্বৰ লাভ কৰে। ভূগোল আৰু নৃতত্বত ৰাজ্যখনৰ ভিতৰতেই সৰ্বাধিক নম্বৰ লাভ কৰে ছাবিনাই।

বাণিজ্য শাখাতো দ্বিতীয় স্থান দখল কৰে একেখন শিক্ষানুষ্ঠানৰে শিক্ষাৰ্থী সৌৰভ পাহাৰীয়াই। সৌৰভে লাভ কৰা সৰ্বমুঠ নম্বৰ হৈছে ৪৬৯। ইংৰাজীত ৯৮¸ পৰিসংখ্যাত ৯৬, অংকত ৯৬, হিচাপ বিদ্যাত ৯৩ আৰু ব্যৱসায় অধ্যয়নত ৯৮ নম্বৰসহ সৰ্বমুঠ ৪৬৯ নম্বৰ লাভ কৰে সৌৰভে। মোবাইলত নেট, ফেচবুক আদি কৰি ভাল পোৱা সৌৰভে ভবিষ্যতে হিচাপ বিদ্যাৰ ভাল বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে।

আনহাতে মঙলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাত অৱতীৰ্ণ হোৱা জ্ঞান বিকাশ একাডেমীৰ ছাত্ৰী নৱনীতা ভৰদ্ধাজে ৪৭৪ নম্বৰৰে কলা শাখাত চতুৰ্থ স্থান লাভ কৰে। ছিপাঝাৰৰ হাজৰিকাপাৰা নিবাসী চক্ৰ কুমাৰ শৰ্মাৰ জীয়ৰী নৱনীতাই অৰ্থনীতি বিভাগত ৯৪¸ নৃতত্বত ৯৭¸ অসমীয়াত ৯৪¸ শিক্ষাত ৯৬ আৰু ইংৰাজীত ৯৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ভলীবল খেলি ভাল পোৱা নৱনীতাৰ সপোন ভবিষ্যতে এজন ভাল প্ৰশাসনিক বিষয়া হোৱাৰ।

সদৰ চহৰখনৰ আন এখন আগশাৰীৰ শিক্ষানুষ্ঠান ৰঞ্জিত শৰ্মা একাডেমীক উজলাই তোলে জ্যোতিষ কলিতা নামৰ কৃতী শিক্ষাৰ্থীজনে। মুঠ ৪৭২ নম্বৰৰে জ্যোতিষে কলা শাখাত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান অধিকাৰ কৰে। লঠাপাৰাৰ ফুলেন কলিতাৰ পুত্ৰ জ্যেতিষ কলিতাই ইংৰাজীত ৯৩¸ অসমীয়াত ৯৫¸ নৃতত্বত ৯৬, ৰাজনীতি বিজ্ঞানত ৯৫ আৰু অৰ্থনীতিত ৯৩ নম্বৰ লাভ কৰে। ভৱিষ্যতে এজন দক্ষ প্ৰশাসনিক বিষয়া হ’ব বিচাৰে
জ্যোতিষে।

এনেদৰে ৪ গৰাকীকৈ শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকত স্থান লাভ কৰিবলৈ সমৰ্থ হোৱাত উৎফুল্লিত হৈ পৰিছে জিলাবাসী। শিক্ষানুষ্ঠানকেইখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও নতুন উদ্যমেৰে অনাগত বৰ্ষসমূহৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তুলিবলৈ লাভ কৰিছে প্ৰেৰণা। ইফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ এনে উন্নত প্ৰদৰ্শনৰ বিপৰীতে জিলাখনৰ চৰকাৰী বিদ্যালয়সমূহত দেখা গৈছে শোচনীয় প্ৰদৰ্শন। চৰকাৰী বিদ্যালয়সমূহৰ এনে অনুন্নত ফলাফলে উক্ত বিদ্যালয়সমূহত অধ্যায়ৰত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলক উদ্বিগ্ন কৰি তুলিছে।