নগাঁও/নগাঁও টাউন/ধিংঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ষষ্ঠ স্থান দখলেৰে উজলিল নগাঁৱৰ ৰাইদঙীয়াৰ অমানিশা বৰা। ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে কৃতি ছাত্ৰীগৰাকীয়ে।

আজি ঘোষিত ফলাফলত শীৰ্ষ দহটা স্থানৰ ষষ্ঠ স্থান অধিকাৰেৰে সমগ্ৰ নগাঁও জিলাৰ লগতে বটদ্ৰৱাৰ ৰাইদঙীয়ালৈ গৌৰৱ কঢ়িয়াই আনে অমানিশাই। ৰাইদংগীয়া নিবাসী তথা অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী মুকুট বৰা আৰু মমী বৰাৰ সন্তান অমানিশাই নগাঁও চহৰৰ ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ত অধ্যয়ন কৰি পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

সাফল্যৰ বতৰা কঢ়িয়াই আজি নগাঁৱৰ পৰা নিজ গৃহভূমি ৰাইদঙীয়াত উপস্থিত হোৱাৰ সময়তে অমানিশাক বিভিন্ন দল-সংগঠন তথা ৰাইজে ঢোলে-দগৰ, বেণ্ড পাৰ্টি আৰু আতচবাজীৰে আদৰণি জনায়।

ৰাইদঙীয়া ৰজাআলিত আছুৰ প্ৰতিনিধি কলে উষ্ম আদৰণি জনোৱাৰ লগতে ৰাইদঙীয়া তিনিআলিত বিজেপিৰ দলংঘাট মণ্ডল সমিতি আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শতাধিক সদস্যই অভিনন্দন জনায় কৃতী ছাত্ৰীগৰাকীক।

ইয়াৰ পাছতে পোনে পোনে ৰাইজৰ সৈতে এক শোভাযাত্ৰাত অংশ লৈ অমানিশা উপস্থিত হয়গৈ পূৰ্বে অধ্যায়ন কৰা ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত য'ত শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে অভিনন্দনেৰে তেওঁক উপচাই পেলায়।

উল্লেখ্য যে, ইংৰাজী, অসমীয়া, সমাজতত্ত্ব, শিক্ষা, অৰ্থনীতি আৰু তৰ্ক-দৰ্শন বিষয়ত লেটাৰ নম্বৰসহ অমানিশাই লাভ কৰে সৰ্বমুঠ ৪৭২ নম্বৰ। নিজ সাফল্যত উৎফুল্লিত হৈ অমানিশাই তেওঁৰ এই কৃতিত্বৰ বাবে পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে।

অানহাতে, ভৱিষ্যতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰখা অমানিশাই নগাঁও মহাবিদ্যালয়ত ইংৰাজী বিষয়ক গুৰু পাঠ্যক্ৰম হিচাপে লৈ অধ্যয়ন কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।