কোকৰাঝাৰ/ওদালগুৰিঃ যি সময়ত ৰাজ্যৰ বিভিন্ন জিলাত স্থানপ্ৰাপ্তক লৈ আনন্দ উছাহ অব্যাহত আছে তেনে সময়তে বিটিএডিৰ চিৰাং জিলাৰ পৰা বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা কোনো এগৰাকী পৰীক্ষাৰ্থীয়েও প্ৰথম বিভাগতে উত্তীৰ্ণ হ'ব নোৱাৰাত জিলাখনৰ শৈক্ষিক মানদণ্ডক লৈ প্ৰশ্ন উত্থাপিত হৈছে। ইয়াৰোপৰি বাণিজ্য শাখাতে আকৌ কোকৰাঝাৰ জিলাই ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন ফলাফল দাঙি ধৰাত বিটিএডিৰ শৈক্ষিক পৰিৱেশ যে মুঠেও অনুকুল নহয় সেয়া প্ৰমাণিত হৈছে।
♦ টংলাৰ দুই ছাত্ৰই ৰাখিলে মান
♦ বাণিজ্যত শোচনীয় প্ৰদৰ্শন কোকৰাঝাৰৰ
♦ ওদালগুৰিতো হ্ৰাস উত্তীৰ্ণৰ হাৰ
কি বাণিজ্য, কি বিজ্ঞান, কি কলা শাখা সকলোতে মাথো হতাশজনক প্ৰদৰ্শন। বিজ্ঞান শাখাত কোকৰাঝাৰ জিলাত উত্তীৰ্ণৰ হাৰ ৬২.৭১ শতাংশ, চিৰাং জিলাত ৭৩.৩৯ শতাংশ, বাগছাত ৮৩.৪৫ শতাংশ আৰু ওদালগুৰিত ৬৭.৫৯ শতাংশ। অৰ্থাৎ বিটিএডিৰ ৪ খন জিলাত বিজ্ঞান শাখাত সামগ্ৰিক গড় উত্তীৰ্ণৰ হাৰ ৭১.৭৯ শতাংশ। বিপৰীতে ৰাজ্যত গড় উত্তীৰ্ণৰ এই হাৰ হৈছে ৮৬.২৪ শতাংশ।
কলা শাখাত ৰাজ্যত গড় উত্তীৰ্ণৰ হাৰ ৭৩.১৬ শতাংশৰ বিপৰীতে বিটিএডিৰ চাৰিখন জিলাত গড় উত্তীৰ্ণৰ হাৰ হ'ল ৬২.৬২ শতাংশ। আনহাতে বাণিজ্য শাখাত কোকৰাঝাৰ জিলাই ৪২.০৫ শতাংশৰে সৰ্বনিম্ন ফলাফল দাঙি ধৰাৰ লগতে বাণিজ্য শাখাত চিৰাং জিলাৰ পৰা এগৰাকী পৰীক্ষাৰ্থীয়েও প্ৰথম বিভাগতে উত্তীৰ্ণ হ'ব নোৱাৰাটো চৰম লজ্জাজনক বুলিয়েই বিবেচিত হৈছে।
চিৰাং জিলাত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৫৩.৮৫ শতাংশ , আনহাতে বাণিজ্য শাখাত ৰাজ্যৰ গড় উত্তীৰ্ণৰ হাৰ ৮২.৭২ হোৱাৰ বিপৰীতে বিটিএডিৰ চাৰিওখন জিলাৰ গড় উত্তীৰ্ণৰ হাৰ মাথো ৬৩.৭০ শতাংশ।
ইপিনে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী তথা শিক্ষা বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে বিটিএডিৰ নিৰাশজনক ফলাফলৰ বাবে অভিভাৱক আৰু শিক্ষাৰ্থীৰ গাত দোষ জাপি দিয়ে। সংবাদমাধ্যমৰ আগত খাম্ফা বৰগয়াৰীয়ে অভিভাৱকসকলে নিজ দায়িত্ব আৰু কৰ্তব্য সূচাৰুৰূপে পালন নকৰাৰ পৰিণতিতে তথা পৰীক্ষাৰ্থীসকলেও মানসিক আৰু নৈতিকভাৱে সাজু নোহোৱাৰ বাবেই ফলাফল হতাশজনক হ'ল বুলি মন্তব্য কৰিছে।
অৱশ্যে এনে নিৰাশাজনক ছবিৰ মাজতে বিটিএডি অঞ্চলটোলৈ সামান্য সজীৱতা কঢ়িয়াই আনে ওদালগুৰিৰ টংলাই। অঞ্চলটোৰ নেশ্যনেল পাইঅ'নীয়াৰ জুনিয়ৰ কলেজৰ দুজনকৈ ছাত্ৰই বাণিজ্য শাখাত স্থান লাভ কৰিবলৈ সমৰ্থ হয়। শিক্ষানুষ্ঠানখনৰ গৌৰৱ পাটোৱাৰী নামৰ ছাত্ৰজনে ৪৬৬ নম্বৰেৰে চতুৰ্থ আৰু ৪৫৮ নম্বৰেৰে দীপাংকৰ সাহাই দশম স্থান দখল কৰে। সেয়া হ'লেও সামগ্ৰিকভাৱে আটাইকেইখন জিলাৰ নিম্নগামী ফলাফলে শৈক্ষিক মহলক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে।