নাৰায়ণপুৰঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি নাৰায়ণপুৰৰ পিছলা নেশ্যনেল একাডেমীৰ ভাৰ্গৱ প্ৰতিম বৰাই ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। একেটা অঞ্চলৰ আন এখন বিদ্যালয় জ্ঞানজ্যোতি একাডেমীৰ অয়ন কৌশিক মহন্তই লাভ কৰে নৱম স্থান।
নাৰায়ণপুৰ অঞ্চলৰ এই দুই ছাত্ৰই মেধাৰ পৰিচয়েৰে অসমৰ লগতে নাৰায়ণপুৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। ভাৰ্গৱে সৰ্বমুঠ ৫৮৭ নম্বৰ লাভ কৰে।
তৃতীয় স্থান প্ৰাপ্ত ভাৰ্গৱ প্ৰতিম জৰাবাৰী নিবাসী শিক্ষয়িত্ৰী জোন্তি শইকীয়া বৰা আৰু সমাজকৰ্মী জ্যোতি প্ৰসাদ বৰাৰ সুযোগ্য সন্তান। মাকৰ পৰা পোৱা শিক্ষাৰ পোহৰ আৰু দেউতাকৰ আদৰ্শৰ মাজত আজি এইদৰে জিলিকি উঠে ভাৰ্গৱ প্ৰতিম বৰা।
আনহাতেনৱম স্থানপ্রাপ্ত অয়ন কৌশিক মহন্তৰ ঘৰ নাৰায়ণপুৰ সুকুছিত। কৌশিকে লাভ কৰা সৰ্বমুঠ নম্বৰ হৈছে ৫৮১। মনৰ একাগ্ৰতা আৰু সাধনাৰ বলতে আজি সফলতাৰ শিখৰত স্থান পাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰিছে মেধাবী ছাত্র দুগৰাকীয়ে। নাৰায়ণপুৰৰ দুই ছাত্ৰৰ এনে কৃতকাৰ্যতাত গৌৰৱ অনুভৱ কৰিছে সমগ্ৰ নাৰায়ণপুৰবাসীয়ে।