কোকৰাঝাৰঃ বিটিএডিৰ সামগ্ৰিক হতাশজনক ফলাফলে উদ্বিগ্ন কৰি তুলিছে অভিভাৱকসকলক। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত হতাশজনক ফলাফল প্ৰদৰ্শন কৰাৰ পিছত আজি ঘোষিত হোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফলো অতি পুতৌজনক হয়। এনে পুতৌজনক ফলাফল সন্দৰ্ভত স্বাভাৱিকতে বিটিএডিৰ বহু দল সংগঠনৰ নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে অভিভাৱকসকল আকৌ ওলোটাই দল-সংগঠনৰ ধাৰাৱাহিক বন্ধৰ কাৰ্যসূচী, শৈক্ষিক পৰিৱেশৰ প্ৰতি চৰকাৰৰ অনীহা, যুৱ চামৰ উশৃংখলতা, ইজি মানীৰ প্ৰতি লোভ-আভিজ্যতা আৰু এনআৰচিক দোষাৰোপ কৰিছে ।
আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰাজ্যত উত্তীৰ্ণৰ হাৰ ৪৭.৯৪ শতাংশৰ বিপৰীতে বিটিএডিৰ সামগ্ৰিক উত্তীৰ্ণৰ হাৰ মাথো ৩৯.৪৩ শতাংশ। কোকৰাঝাৰ জিলাত মাথো ৩১.৭৭ শতাংশ হে উত্তীৰ্ণ হৈছে যিটো সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰৰ ফালৰ পৰা ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থানত আছে। সৰ্বনিম্ন উত্তীৰ্ণৰ ক্ষেত্ৰত কাৰ্বি আংলঙে মাথো ৩১.৭২ শতাংশৰে প্ৰথম স্থান অধিকাৰ কৰিছে। চিৰাং, বাগছা আৰু ওদালগুৰি জিলাত উত্তীৰ্ণৰ হাৰ ক্ৰমে ৪৬.৪২ শতাংশ, ৪৪.০৩ শতাংশ আৰু ৩৫.৪৯ শতাংশ।
বিটিএডিৰ লগতে সমগ্ৰ ৰাজ্যখনতে এইবাৰ ফলাফল পূৰ্বৰ তুলনাত যথেষ্ট শোচনীয় হোৱা দেখা গৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ সহ সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে ৰাজ্যৰ সামগ্ৰিক ফলাফলক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। ৰাজ্যৰ শৈক্ষিক পৰিৱেশ ২০০৩ চনলৈ উভতি যোৱা বুলি অনুভৱ প্ৰকাশ কৰি ইয়াৰ বাবে একাংশ দল-সংগঠনৰ নেৰানেপেৰা বন্ধ কাৰ্যসূচী, বিদ্যালয়ত বিভিন্ন কাৰণত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা, শিক্ষাৰ্থীৰ উশৃংখলতাকে দায়ী কৰিছে।
আনহাতে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে বিদ্যালয়ত শিক্ষকৰ অভাৱ, এনআৰচিৰ নামত শিক্ষকসকলৰ শ্ৰেণীকোঠাত অনুপস্থিতি, বিদ্যালয় পৰিদৰ্শকে বিদ্যালয় পৰিদৰ্শন নকৰাৰ বাবেই ফলাফল নিম্নগামী হোৱা বুলি মত প্ৰকাশ কৰিছে। আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে অনুশাসনহীনতা, শিক্ষকৰ অভাৱ, শিক্ষাৰ্থীৰ উশৃংখলতা আৰু অভিভাৱকৰ দায়িত্বহীনতাৰ বাবেই ফলাফল নিম্নগামী হোৱা বুলি মন্তব্য কৰিছে।
আনহাতে নিজৰ কন্যাসন্তান অনুতীৰ্ণ হোৱাত নাম প্ৰকাশক অনিচ্ছুক এগৰাকী অভিভাৱকে চৰকাৰী বিদ্যালয়সমূহত নিয়মীয়া পাঠদান নহয় বুলি ক্ষোভ প্ৰকাশ কৰে। আমি দুখীয়া মানুহ, টিউচন দিবলৈ অসমৰ্থ সেয়েহে বিদ্যালয়ৰ পাঠদানৰ ওপৰতে ভৰষা কৰো যদিও চৰকাৰী বিদ্যালয়ত পাঠদান প্ৰায় নহয়েই বুলি মন্তব্য কৰি এখন বিদ্যালয়ৰ পৰাই যদি ৬-৭ জন শিক্ষক এনআৰচিৰ কৰ্তব্যৰ বাবে বছৰ জুৰি অনুপস্থিত থাকে তেনেহ'লে ল'ৰা-ছোৱালীবোৰে কেনেদৰে উত্তীৰ্ণ হ'ব বুলি প্ৰশ্ন উত্থাপন কৰিছে।
"আমাৰ ছোৱালীজনী সন্তান পঢ়া গৌৰাং হাইস্কুলৰ ৮ গৰাকী শিক্ষক এনআৰচিৰ কৰ্তব্যত নিয়োজিত হৈ আছে।যাৰ বাবেই গোটেই শিক্ষা বৰ্ষটোত হিন্দী, ইংৰাজী, অংকৰ দৰে বিষয়বোৰত এদিনো পাঠদান নহ'ল আৰু সেয়েহে টিউচন দিবলৈ অসমৰ্থ হোৱা আমাৰ দৰে পৰিয়ালৰ লৰা-ছোৱালীবোৰ অনুতীৰ্ণ হোৱাটো স্বাভাৱিক কথা।"- ক্ষুব্ধ অভিভাৱকগৰাকীয়ে এই মন্তব্য কৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত শিক্ষকক শিক্ষাদানৰ বাহিৰে আন কামৰ পৰা বিৰত ৰাখিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।
সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ফলাফল নিম্নগামী হোৱাৰ আঁৰত বিদ্যালয়ত নিয়মীয়া পাঠদান নোহোৱাকে দোষাৰোপ কৰিছে। শিক্ষকক শৈক্ষিক ক্ষেত্ৰৰ পৰা আঁতৰাই চৰকাৰে এনআৰচিকে ধৰি আন কামত ব্যৱহাৰ কৰাৰ বাবেই বিদ্যালয়সমুহত নিয়মীয়া পাঠদান নহয় বুলি মন্তব্য প্ৰকাশ কৰি অৰবিন্দ নাথে পৰিদৰ্শনৰ অভাৱৰ বাবেও শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে বুলি মত প্ৰকাশ কৰিছে। ৪০ শতাংশৰ তলত ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়বোৰক কঠোৰ নিৰীক্ষণৰ প্ৰয়োজন আৰু তেনে বিদ্যালয়ৰ অভাৱ সমুহ চৰকাৰে পূৰণ কৰাত গুৰুত্ব আৰোপ কৰা উচিত বুলি উল্লেখ কৰি অৰবিন্দ নাথে নিম্নগামী ফলাফলৰ বাবে চৰকাৰকে দোষাৰোপ কৰে।