মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাইত ৰন্টিক্স নামৰ ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানটোৰ সন্মুখত শুকুৰবাৰে নিশাৰ ভাগত এক দুৰ্ঘটনা সংঘটিত হয়। 

প্ৰাপ্ত বাতৰি মতে, আশীষ দাস(৫৮) নামৰ হোটেলৰ মালিকজনে হোটেল বন্ধ কৰি ৰাজপথলৈ ওলাই আহোতেই মাৰ্ঘেৰিটা নগৰৰ পৰা লিডু অভিমুখে গৈ থকা তীব্ৰবেগী এখন মাৰুতি ভানে ব্যক্তিজনক খুন্দিয়াই প্ৰায় দুই কিঃমিঃ ৰাষ্ট্ৰীয় ঘাই পথেৰে চুচৰাই লৈ যায়৷

ফলত, ব্যক্তিজন থিতাতে নিহত হোৱাৰ লগতে দেহৰ অংগ সমগ্ৰ পথছোৱাত সিঁচৰিত হৈ পৰে। সেই মুহূৰ্ততে বিপৰীত দিশৰ পৰা আহি থকা মাৰ্ঘেৰিটা আৰক্ষী থানাৰ আৰক্ষীৰ দলে গাড়ীখনক মৃতদেহটো চুচৰাই নি থকা অৱস্থাত প্ৰত্যক্ষ কৰি গাড়ীখন ৰখায় যদিও সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হৈ ক্ষুব্ধ ৰাইজে গাড়ীখন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই জ্বলাই দিয়ে৷

অৱশ্যে, আৰক্ষীয়ে গাড়ীখনৰ চালক জনক আটক কৰাৰ লগতে গাড়ীখনত অহা মহিলা-শিশু সহ আৰোহী সকলক মাৰ্ঘেৰিটা আৰক্ষী থানালৈ নিৰাপদে নিবলৈ সক্ষম হয়৷

অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও গাড়ীখনৰ অধিকাংশই ভস্মীভূত হৈ পৰে৷ ক্ষুব্ধ ৰাইজে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ কেবা ঘণ্টা ধৰি অৱৰোধ কৰি থয় যদিও বৰ্তমান আৰক্ষীয়ে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে৷ অৱশ্যে, অঞ্চলটোত এতিয়াও উক্ত দুৰ্ঘটনাক লৈ চেঁপা উত্তেজনা অব্যাহত আছে।