06
Jun
চতিয়াঃ আইন ৰক্ষকৰ ঘৰটেই ভংগ হৈছে আইন । এটি শিশু, চতিয়াৰ বেজবৰুৱা পথৰ নিবাসী অধিবক্তা মামনি বৰকাকতিৰ ঘৰত বন কৰা ছোৱালী ।শিশুটিৰ ওপৰত অধিবক্তা মামনিয়ে চলাইছিল অমানুসিক শাৰিৰীক অত্যাচাৰ।
পখিলা খেদি ফুৰা থকাৰ বয়সতে এই শিশুটিয়ে বেলি নোলোৱাৰ পৰা গভীৰ নিশালৈকে কৰি গৈছিল মাথো শ্ৰম আৰু শ্ৰম । তেজপুৰৰ ধলগুৰি পঞ্চায়তৰ অন্তগত বালিজানৰ এই শিশুটিক অধিবক্তা বৰকাকতিয়ে পঢ়া-শুনা কৰাম বুলি দৰিদ্ৰ পৰিয়ালটোৰ পৰা লৈ আনি শিশুটিক ঘৰত বন কৰা ছোৱালী হিচাপে ৰাখি তাইৰ ওপৰত চলাইছিল অকথ্য নিৰ্যাতন ।
মালিকনিৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি তাই কালি সন্ধিয়া ঘৰৰ পৰা গুচি গৈছিল । সন্ধিয়া এগৰাকী ব্যক্তিয়ে শিশুটিক আৰক্ষী থানাত গতাই দিয়ে । আজি স্থানীয় বে চৰকাৰী সংগঠনৰ সহযোগত শিশুটিক তেজপুৰ স্থিত শিশু কল্যাণ সমিতিক গটাই দিয়া হয় ।