বোকাজানঃ বিজেপি মানে বিজ্ঞাপন ৷ আজি কাৰ্বি স্বায়ত্ব পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ চলাব আহি বিজেপিক বিজ্ঞাপনৰ দল বুলি সমালোচনা কৰিলে সাংসদ গৌৰৱ গগৈয়ে৷
কাৰ্বি স্বায়ত্ব পৰিষদীয় নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল সমূহৰ মুখ চুপতি তথা তৎপৰতা বৃদ্ধি পাইছে ৷ আজি কংগ্ৰেছ দলৰ যুৱ নেতা তথা কলিয়াবৰ সাংসদ গৌৰৱ গগৈয়ে দলৰহৈ নিৰ্বাচনী প্ৰচাৰ চলায় বোকাজান মহকুমাত৷
এইবাৰ কাৰ্বি পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ দলে বিশাল জনসভা আয়োজন কৰাৰ পৰিবৰ্তে প্ৰতিটো সমষ্টিত সৰু সৰু নিৰ্বাচনী প্ৰচাৰ সভা আয়োজন কৰি সাধাৰণ জনতাৰ কাষ চাপিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে ৷ আজি সাংসদ গগৈয়ে বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বোকাজান, সৰুপথাৰ, দেওপানী আৰু বৰজান পৰিষদীয় সমষ্টিত দলৰ প্ৰাৰ্থীসকলৰ হৈ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷ সাংবাদিকৰে মুখামুখি হৈ সাংসদ গগৈয়ে গেৰুৱা দল বিজেপেক বিজ্ঞাপনৰ দল আৰু সমাজ বিভাজনকাৰী দল আখ্যা দিয়ে৷
এবছৰৰ আগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম নেতৃত্বাধীন কাৰ্বি স্বায়ত্ব পৰিষদখনক দুৰ্নীতিগ্ৰস্ত বুলি কোৱা বিজেপি দলে এতিয়া সেই দুৰ্নীতিত লুটি-পুটি খোৱা সকলকে ৰঙা দলিচা পাৰি আদৰি লৈছে বুলি সাংসদ গৰাকীয়ে কোৱাৰ লগতে বিজেপি দলক দুৰ্নীতিগ্ৰস্ত নেতা আৰু অপৰাধীৰ আশ্ৰয়স্থল কটুক্তি কৰে৷ কাৰ্বি পৰিষদৰ নিৰ্বাচনত পাহাৰীয়া ৰাইজে বিজেপি দলক এসেকা দিয়াৰ লগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিব বুলি গগৈয়ে কয়৷