মঙলদৈঃ অৱশেষত আৰক্ষীৰ জালত পৰিল দৰং জিলাৰ মেধিচাপৰিত মঙলবাৰে নিশা সংঘটিত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত৷ শুকুৰবাৰে ৰাইজৰ সহযোগত এক অভিযান চলাই দৰং আৰক্ষীয়ে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ পৰা অভিযুক্ত লোহিত শইকীয়াক কৰায়ত্ত কৰে৷

উল্লেখ্য যে, ধৃত লোহিতে ছিপাঝাৰৰ হাজৰিকাপাৰাৰ কঢ়াপাৰা গাঁৱৰ কমলেশ্বৰ ডেকা ওৰফে বুল নামৰ যুৱকজনক ডিঙি কাটি হত্যা কৰি মৃতদেহ ব্ৰহ্মপুত্ৰ পানী যুৱঁলিত পেলাই দিছিল৷ পিছত প্ৰাতঃ ভ্ৰমণলৈ অহা লোকে পানী যুঁৱলিত ডিঙি কাটি পেলাই থোৱা মৃতদেহটো প্ৰত্যক্ষ কৰাত জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷

ইফালে আৰক্ষীৰ জেৰাত ধৃত লোহিতে দাৰে ঘপিয়াই কমলেশ্বৰ ডেকাক হত্যা কৰিছিল বুলি স্বীকাৰ কৰে৷ ধৃত লোহিতে পূৰ্বেও কেবাজনো লোকক আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে৷ মঙলদৈ সদৰ থানাত লোহিতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে বিষয়টোত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে৷

শুকুৰবাৰে লোহিত শইকীয়া আৰক্ষীৰ জালত পৰাৰ পিছতে কমলেশ্বৰ ডেকাৰ পুত্ৰ আৰু কন্যাই হিয়া ঢাকুৰি কান্দি হত্যাকাৰীক ফাচী দিয়াৰ দাবী জনায়৷ জানিব পৰা মতে, যোৱা ১৭ মে’ত লোহিত শইকীয়াই মঙলদৈ সদৰ থানাৰ অন্তৰ্গত বৰথেকেৰাবাৰীৰ পঞ্চানন শইকীয়া নামৰ আন এজন লোকক আক্ৰমণ কৰিছিল৷

অৱশ্যে ঘাতক লোহিতৰ হাতৰ পৰা কথমপি নিজকে বচাবলৈ সমৰ্থ হয় পঞ্চানন৷ ঘটনা সন্দৰ্ভত মঙলদৈ থানাত এজাহাৰ দাখিল কৰিছিল যদিও গুৰুত্ব সহকাৰে লোৱা নাছিল আৰক্ষীয়ে৷ মঙলদৈ আৰক্ষীয়ে তেতিয়াই উক্ত এজাহাৰক গুৰুত্ব সহকাৰে ল’লে লোহিতে কমলেশ্বৰৰ প্ৰাণ ল’ব নোৱাৰিলেহেতেন বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে৷