কাছাৰঃ পাঁচ দিনে শুংসূত্ৰ নাই কাছাৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ দুবছৰীয়া কন্যাৰ। পাঁচ দিন পুৰ্বে বিশ্ববিদ্যালয় খনৰ অধ্যাপক শুভদীপ চৌধুৰীৰ চৰকাৰী আৱাসগৃহৰ পৰা নিৰুদ্দেশ হয় কন্যা তৃষা ৰয় চৌধুৰীৰ।

আৰক্ষী প্ৰশাসনে অধ্যাপকৰ দুবছৰীয়া কন্যাগৰাকীক উদ্ধাৰৰ বাবে দিনে নিশাই অভিযান চলাই আহিছে যদিও কিশোৰীগৰাকীৰ শুংসুত্ৰ উলিযাব পৰা নাই৷ নেতাজী ছাত্ৰ যুৱ সন্থাই জিলা খনৰ বাটে-ঘাটে ছোয়লিৰ ফটো লগাই ৰাইজক উদ্ধাৰত সহায় কৰিবলৈ আহ্বান জনায় আহিছে৷

প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে কিশোৰীগৰাকীৰ খৱৰ দিওতাক এক লাখ, কাছাৰ আৰক্ষীয়ে ৫০ হাজাৰ, সোনাইৰ বিধায়ক আমিনুল হ’ক লস্কৰে এক লাখ টকা আৰু নেতাজী ছাত্ৰ-যুৱ সন্থায়ো নগদ ধন দিব বুলি ঘোষণা কৰে৷

অধ্যাপকগৰাকী ঘৰত নথকা অৱস্থাত চিকিত্সক পত্নী ডাঃ শতবিশা চৌধুৰীয়ে কৰ্তব্যৰ পৰা আহি আৱাসগৃহত কন্যাক নেদেখি ব্যাকুল হৈ পৰে। কণমানিক উদ্ধাৰৰ বাবে আৰক্ষীয়ে অভিযানত অব্যাহত ৰাখিছে যদিও এতিয়ালৈ শুংসূত্ৰ উলিযাব পৰা নাই।

ইতিমধ্যে আৰক্ষীয়ে বিজয় বাক্তি নামৰ এজন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে৷ কাছাৰৰ দল-সংগঠনে ৰাজ্যৰ প্ৰশাসনক কিশোৰীগৰাকীক উদ্ধাৰৰ বাবে দাবী জনাই আহিছে৷ আনহাতে স্থানীয় ১৫টা দল-সংগঠনে কাছাৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগ ধৰি কিশোৰীগৰাকীক উদ্ধাৰৰ দাবী জনায়৷