কোকিলাঃ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বেছিমাৰীত আছে এজোপা প্ৰকাণ্ড গছ। গছজোপাৰ বয়স ১১০ বছৰ বুলি দাবী কৰিছে স্থানীয় ৰাইজে।
ৰাতি মৰা গছ নাম দিয়া শতিকা গৰকা এই গছজোপাকলৈ এতিয়া কৌতূহলৰ অন্ত নাই অঞ্চলটোৰ বাসিন্দাসকলৰ। বিজ্ঞান-প্ৰযুক্তিৰ চৰম উন্নতিৰ পিছতো অঞ্চলটোৰ অধিকাংশ লোকে গছজোপাত এক অলৌকিক ক্ষমতা আছে বুলি বিশ্বাস কৰি আহিছে।
কিছু বছৰ আগলৈকে গছজোপাৰ এটা ফেৰেঙণিৰ পৰা তেজ সদৃশ ৰস নিৰ্গত হৈ আহিছিল বুলি জানিবলৈ দিছে গাঁওবাসীয়ে। বহুতে ৰস ওলোৱা এই প্ৰক্ৰিয়াক ঋতুস্ৰাৱ আখ্যা দি আহিছে। অৱশ্যে এতিয়া বয়স বৃদ্ধি পোৱা বাবে ৰস ওলোৱাতো বন্ধ হ'ল বুলিও ধাৰণা কৰিছে গাঁওবাসীয়ে।
লোক-বিশ্বাস মতে গছজোপাক সেৱা কৰিলে পূৰ্ণ হয় মনৰ সকলো আশা-আকাংক্ষা। সন্তানহীন লোকে গছজোপালৈ নৈবদ্য আগবঢ়ালে সন্তানৰ মুখ দেখে বুলিও অঞ্চলবাসীয়ে বিশ্বাস কৰি আহিছে।
ভক্তিভাৱেৰে গছজোপা দৰ্শন কৰিলে ঋতুস্ৰাৱৰ সমস্যাত আক্ৰান্ত ছোৱালীৰ তেনে সমস্যা দূৰ হয় বুলিও অঞ্চলবাসীৰ মাজত বিশ্বাস আছে। কেৱল ইমানেই নহয়, গছজোপাৰ সকলোধৰণৰ বেমাৰ-আজাৰ নাইকিয়া কৰাৰ ক্ষমতা আছে বুলিও তেওঁলোকে দাবী কৰি আহিছে।
এনে বিশ্বাসৰ বাবে এতিয়া দূৰ-দূৰণিৰ পৰা প্ৰতিদিনে শ শ লোকে আহি গছজোপাৰ ওচৰত ভিৰ কৰা দেখা গৈছে। গছজোপা দৰ্শন কৰিবলৈ অহা বহু লোকে অলৌকিকতাৰ প্ৰমাণ লাভ কৰিছে বুলিও দাবী কৰিছে।
এনে অলৌকিক মহিমাৰ মাজতে গছজোপাৰ গুৰিত স্থাপন কৰা হৈছে মাতৃবৃক্ষ কামাখ্যা থান নামে এটি মন্দিৰ। ১৯৮৫ চনৰ পৰা এই মন্দিৰটোত চলি আহিছে পূজা-অৰ্চনা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰে প্ৰতিদিনে ভৰি থকা মন্দিৰটো একপ্ৰকাৰ পৰ্যটনস্থলীলৈ পৰিণত হৈছে বুলিও অঞ্চলটোৰ কেবাজনো লোকে মত প্ৰকাশ কৰিছে।
ইফালে একাংশ লোকে গছজোপাৰ অলৌকিক মাহাত্ম্য থকা বুলি দাবী কৰি আহিলেও আন একাংশ লোকে ইয়াক অন্ধবিশ্বাস আখ্যা দিছে। গছজোপাৰ পৰা ৰস ওলোৱাটো তেনেই স্বাভাৱিক প্ৰক্ৰিয়া বুলিও মত প্ৰকাশ কৰিছে বিজ্ঞানমনষ্ক লোকসকলে।