নগাঁওঃ নগাঁও জিলাৰ জুৰীয়াত পানীত পৰি এটি ৩ বছৰীয়া শিশুৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মৃত্যুৰ পূৰ্বেই শিশুটিক চিকিৎসকে মৃত ঘোষণা কৰাৰ অভিযোগ তুলি আত্মীয়ই  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

জানিব পৰা মতে, আজি দিনৰ  ৯ বজাত কদমনি পথাৰ গাঁৱৰ মুনচান্দ আলী নামৰ তিনি বছৰীয়া শিশুটিয়ে ঘৰৰে চোতালত থকা পানীৰ ডোঙাত পৰি যায়। শিশুটিক পৰিয়ালৰ লোকে লগে লগে  জুৰীয়া বজাৰত থকা জিয়াবুৰ ৰহমানৰ ফাৰ্মাচীলৈ লৈ আহে। ফাৰ্মাচীৰ স্বতাধিকাৰী জিয়াবুৰ ৰহমানে শিশুটোৰ অৱস্থা সংকটজনক বুলি মন্তব্য কৰি চিকিৎসালয়লৈ নিবলৈ পৰামৰ্শ আগবঢ়ায়।

সেই অনুযায়ী পৰিয়ালৰ লোকে শিশুটোক নগাঁৱলৈ চিকিৎসাৰ বাবে নিয়াৰ পূৰ্বে স্থানীয় চিকিৎসক বছিৰ আলীৰ ওচৰলৈ লৈ যায়। চিকিৎসকজনে পৰীক্ষা-নীৰিক্ষা কৰি শিশুটো মৃত বুলি ঘোষণা কৰে।

পিছত পৰিয়ালৰ লোকে শিশুটোক ঘৰলৈ লৈ যায়। কিন্তু ঘৰত শিশুটোৱে উশাহ লোৱা বুলি দাবী কৰি পৰিয়ালৰ লোকে শিশুটোক আন এজন চিকিৎসক কাছেম আলীৰ ওচৰলৈ লৈ যায়। এই গৰাকী চিকিৎসকে শিশুটো কিছু সময়ৰ পূৰ্বে  মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক জনায়।

ইয়াৰ পিছতে পৰিয়ালৰ লোকে চিকিৎসক বছিৰ আলী আৰু ফাৰ্মাচিষ্ট জিয়াবুৰ ৰহমানে ভুল কৈ ঘোষণা কৰিছিল বুলি অভিযোগ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তেজিত পৰিয়ালৰ লোকে জিয়াবুৰ ৰহমানৰ ফাৰ্মাচী লণ্ড-ভণ্ড কৰাৰ লগতে আনজন চিকিৎসক বছিৰ আলীক তেওঁৰ ঘৰৰ পৰা টানি বাহিৰলৈ আনি শাৰীৰিকভাৱে অপদস্থ কৰে।

পিছত জুৰীয়া আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইপিনে পানীত পৰি মৃত্যু হোৱা শিশুটিৰ মৃতদেহ নগাঁওস্থিত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালৈ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।ঘটনা সংক্ৰান্ত ফাৰ্মাচীখনৰ স্বত্তাধিকাৰী আৰু চিকিৎসক বছিৰ আলীয়ে পৃথকে পৃথকে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।