ডিজিটেল ডেস্কঃ ক্ৰমাত উত্তপ্ত হৈ পৰিছে দাৰ্জিলিঙৰ পৰিৱেশ৷ আজি পশ্চিমবংগৰ পৰ্যটন মন্ত্ৰী গৌটম দেৱৰ গাড়ী আবদ্ধ কৰিলে গোৰ্খা জনমুক্তি মৰ্চাই৷
ভানুভক্ত জন্মজয়ন্তী উপলক্ষে পানীঘাটলৈ গৈ থকা অৱস্থাত মন্ত্ৰীজনক মাজপথতে আবদ্ধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলে৷ তদুপৰি বুধবাৰে ৰাতিৰ পৰাই বিমল গুৰুঙৰ দলে চহৰখনৰ বিভিন্ন অঞ্চলত বিক্ষিপ্ত কাৰ্যসূচী গ্ৰহণ কৰে৷
তিস্তা বজাৰৰ বন বিভাগৰ কাৰ্যালয়, পৰ্যটন সহায়ক কেন্দ্ৰকে ধৰি কেইবাটাও কাৰ্যালয়ত অগ্নিসংযোগ কৰে দলটোৰ কৰ্মীসকলে৷ তদুপৰি চিকিম অভিমুখে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত কেইবাখনো গাড়ী চুৰ্ণ-বিচুৰ্ণ কৰে গোৰ্খা জনমুক্তি মোৰ্চাই৷ আনকি কাৰ্ছিয়াং আৰু ঘয়াবাড়ী ৰেল ষ্টেছনো জলাই দিয়ে প্ৰতিবাদকাৰীয়ে৷