ডিজিটেল ডেস্কঃ পতঞ্জলিৰে ভাৰতীয় এফএমচিজিৰ বজাৰত বৈদেশিক প্ৰতিষ্ঠানসমুহক তীব্ৰ প্ৰত্যাহ্বান আগবঢ়োৱাৰ পিছত এইবাৰ নতুন প্ৰতিষ্ঠান আৰম্ভ যোগগুৰু ৰামদেৱৰ৷
আজি হৰিদ্বাৰত পৰিক্ৰমা সুৰক্ষা প্ৰাইভেট লিমিটেড নামৰ সুৰক্ষা প্ৰতিষ্ঠান মুকলি কৰিলে ৰামদেৱে৷ মুলত দেশৰ যুৱপ্ৰজন্মৰ মাজত দেশভক্তি ধাৰা সঞ্চাৰণ কৰি প্ৰশিক্ষাৰ্থীসকলৰ শাৰিৰীক আৰু মানসিক বিকাশ কৰাই এই প্ৰতিষ্ঠানৰ লক্ষ্য বুলি উল্লেখ কৰিছে যোগগুৰুৱে৷
অৱসৰপ্ৰাপ্ত সেনা আৰু আৰক্ষীৰ লোকসকল এই প্ৰতিষ্ঠানত প্ৰশিক্ষক হিচাবে থাকিব৷ ভাৰতৰ বিভিন্ন অঞ্চলত এই প্ৰতিষ্ঠানৰ শাখা স্থাপন কৰা হ’ব৷
কেৱল বিভিন্ন শিক্ষাকেন্দ্ৰই নহয়, শ্বপিং ম’ল, ক’ৰপ’ৰেট কাৰ্যালয়তো এই এই প্ৰতিষ্ঠানৰ সুৰক্ষা কৰ্মীসকলে সেৱা আগবঢ়াব৷ ইতিমধ্যে ১০০ গৰাকী ব্যক্তিয়ে উক্ত প্ৰতিষ্ঠানত প্ৰশিক্ষণ লাভ কৰিছে৷