ডিজিটেল ডেস্কঃ সকলোৰে সম অধিকাৰৰ শ্লোগানেৰে সংবাদ পৰিৱেশন কৰা প্ৰতিষ্ঠানতে শোষণৰ বলি হৈছে মহিলা। ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেছন সংক্ষেপে বিবিচিৰ দৰে নামজ্বলা সংবাদ গোষ্ঠীয়ে প্ৰতাৰণা কৰিছে নাৰী কৰ্মচাৰীক।
হাডভগা শ্ৰম সত্ত্বেও মহিলা কৰ্মীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে কৰ্তৃপক্ষই। পিছে কম পৰিশ্ৰম কৰিয়েই মোটা অংকৰ দৰমহা আদায় কৰিছে বিবিচিৰ পুৰুষ সাংবাদিক আৰু আন কৰ্মচাৰীয়ে।
যাৰ বাবে বিবিচিৰ অভ্যন্তৰত আৰম্ভ হৈছে বিদ্ৰোহ। দৰমহা কম হোৱাৰ বাবে কৰ্তৃপক্ষৰ বিৰুদ্ধে বিবিচিৰ মহিলা সমিতিয়ে আন্দোলন আৰম্ভ কৰিছে। পুৰুষৰ সমান পাৰিশ্ৰমিকৰ দাবী তুলি তেওঁলোকে পালন কৰিছে কৰ্মবিৰতি।
বিদ্ৰোহৰ ফলত আংশিকভাৱে অচল হৈছে বিবিচিৰ কাম-কাজ। ইংলেণ্ডৰ চৰকাৰেও কিছুদিন পূৰ্বে প্ৰতিষ্ঠানটোক মহিলা কৰ্মীৰ বেতন বৃদ্ধিৰ নিৰ্দেশ দিছিল। পিছে লিংগ বৈষম্য প্ৰকট কৰি পুৰুষৰহে দৰমহা বঢ়ালে প্ৰতিষ্ঠানটোৱে।