ডিজিটেল ডেস্কঃ গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে মুখ থেকেচা খালে শাসকীয় বিজেপিয়ে৷ ২০১৪ চনত বিজেপিয়ে বিজয় সাব্যস্ত কৰা পাঞ্জাৱৰ গুৰুদাসপুৰ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলে বিজয় সাব্যস্ত কৰে৷ অভিনেতা তথা বিজেপিৰ সাংসদ বিনোদ খান্নাৰ মৃত্যুৰ পাছৰে পৰা লোকসভা সমষ্টিটো খালি হৈ আছিল৷
কংগ্ৰেছ প্ৰাৰ্থী সুনীল জাকহাৰৰ হাতত বিজেপি প্ৰাৰ্থী চৰণ চালাৰিয়াই ১,৯০,০০০ ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰে৷ আনহাতে আম আদমী পাৰ্টিয়ে লাভ কৰে মাথো ২৩,৫৭৯ ভোট৷ পাঞ্জাৱ চৰকাৰৰ মন্ত্ৰী নৱজোৎ সিং সিদ্ধুয়ে দলৰ নেতা-কৰ্মীৰ সৈতে আনন্দ উলাহ প্ৰকাশ কৰি এয়া কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীৰ বাবে দীপাৱলীৰ উপহাৰ বুলি কয়৷ আমি তেওক দীপাৱলীৰ ধুনীয়া উপহাৰ দি পঠিয়াইছো৷
এই বৃহৎ জয়ে জিজা চালাৰ বাবে এক শিক্ষা বুলি কৈ আকালি দলক কটাক্ষ কৰে সিদ্ধুয়ে৷ আনহাতে কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী সুনীল জাকহাৰে এয়া নৰেন্দ্ৰ মোডীৰ বাবে এক বাৰ্তা বুলি মন্তব্য আগবঢ়ায়৷ খবৰ মতে কংগ্ৰেছ প্ৰাৰ্থীয়ে ৪,৯৯,,৭৫২ বিজেপি প্ৰাৰ্থীয়ে ৩,০৬,৫৩৩ ভোট লাভ কৰাৰ বিপৰীতে আপে ২৩,৫৭৯ ভোট লাভ কৰে৷ আনহাতে দলৰ নেতা কৰ্মীক ধন্যবাদ যাচে মুখ্যমন্ত্ৰী কেপ্টেইন অমৰেন্দ্ৰৰ সিঙে৷ বিজেপি আৰু আকালি দলৰ মিত্ৰজোঁটক মুখথেকেচা খুৱাই মে’ মাহত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল পাঞ্জাৱত৷