ডিজিটেল ডেস্কঃ আফ্ৰিকান দেশ চোমালিয়াৰ ৰাজধানীত যোৱা ১৪ অক্টোবৰত সংঘটিত বোমা বিস্ফোৰণত ২৭৬জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৪০০গৰাকী লোক আহত হৈছিল। 

দেশৰ মন্ত্ৰণালয়ৰ সমীপতে বিস্ফোৰক ভৰ্তি ট্ৰাকেৰে বিস্ফোৰণ কাণ্ড সংঘটিত কৰিছিল উগ্ৰপন্থীয়ে৷ দেশৰ খনৰ চৰকাৰে এই ঘটনাৰ সৈতে অল কায়দাৰ সৈতে জড়িত হৈ থকা অ’ল-চবাব সন্ত্ৰাসবাদী সংগঠন জড়িত বুলি স্পষ্ট কৰিছিল।

 বিস্ফোৰণৰ ঘটনাৰ চাঞ্চাল্য মাৰনৌযাওঁতেই চোমালিয়াৰ ৰাজধানী মোগাদিচুত শনিবাৰে  পুনৰ সংগটিত হ'ল গাঢ়ী বোমা বিস্ফোৰণ। বিস্ফোৰণত কমও ১৭ জন লোকৰ মৃত্যু হয়। এক বিবৃতি যোগে ইছলামীক সংগঠন অ’ল-চবাব এই বিস্ফোৰণৰ দায়ি স্বীকাৰ কৰে৷

বোমা বিস্ফোৰণত সংঘটিত হয় প্রেচিডেন্টৰ প্রাসাদৰ পৰা মাত্র ৬০০ মিটাৰ দুৰত্বত। হোটেল চত্বৰত গাঢ়ী নি সোমোৱাৰ মুহূৰ্ততে দিনৰ প্রথমতো আত্মঘাতী গাড়ী বিস্ফোৰণ সংঘটিত হয়। ইয়াৰ কিছু সময়ৰ পিছতে আন এটা বিস্ফোৰণ সংঘটিত হয় পুৰণা পার্লামেন্ট হাউচৰ সমীপত৷

আৰক্ষী বিষয়া আলি নুৰে ১৭ জনৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে। নিহতৰ অধিকাংশই আৰক্ষীৰ লোক। হোটেলৰ মুল গেটৰ সমুখতেই সেই বিষয়া কেইজন নিয়োজিত হৈ আছিল। বিস্ফোৰণত প্রাক্তন সাংসদ এগৰাকীৰো মৃত্যু হয়৷ আৰক্ষী তদন্ত অনুযায়ী হোটেল খনৰ ভিতৰত এতিয়াও কেইজনমান সন্ত্ৰাসবাদী থিতাপি লৈ আছে৷

ইছলামিক সংগঠনটোৰ মুখপাত্র আবদিয়াচিচ আবু মুচাবে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি তেওঁলোকৰ লক্ষ্য আছিল মন্ত্রী আৰু নিৰাপত্তাকর্মীসকলৰ ওপৰত আক্ৰমণ চলোৱা বুলি কয়। কিয়নো সেই সময়ত হোটেল খনত এগৰাকী মন্ত্রী আছিল।