ডিজিটেল ডেস্কঃ আধাৰ কাৰ্ড নিনিয়াৰ বাবে ছাত্ৰক পিটিলে শিক্ষকে। ছাত্ৰ জনে শিক্ষকৰ মাৰ খাই অৱশেষত অস্ত্ৰোপচাৰ কৰিব লগা হয়।
তেন্তে ভাৱক কিমান প্ৰয়োজন হ’ব পাৰে আধাৰ কাৰ্ড৷ বৰ্তমানও উত্তৰ পূৰ্বাঞ্চল আৰু জম্মু কাশ্মীৰত আৰম্ভ হোৱাই নাই আধাৰ কাৰ্ড বনোৱাৰ কাম৷ কিন্তু অইন ৰাজ্য সমূহত কাৰ্ড খন ইমানেই প্ৰয়োজনীয় হৈ পৰিছে যে আধাৰ কাৰ্ডখন স্কুললৈ ছাত্ৰই নিনিয়াৰ বাবে শাস্তি দিয়ে শিক্ষকে৷
দহ বছৰীয়া ছাত্ৰ জনক আধাৰ নম্বৰ স্কুলত লৈ যাবলৈ কোৱা হৈছিল। কিন্তু ছাত্রজনে লগত লা যাবলৈ পাহৰে আধাৰ খন। যাৰ ফলত শিক্ষকে বেয়াকৈ মাৰ-ধৰ কৰে ছাত্ৰজনক। হস্পিতালত ভৰ্তি হ’ব লগা হয় ছাত্ৰজন৷ ছাত্রজনৰ অস্ত্রোপ্ৰচাৰ পৰ্যন্ত কৰিব লগীয়া হয়৷
পুনেৰ চিঞ্চিয়াৰ মাৰিয়া শিক্ষণ সংস্থা হাইস্কুলত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয় বন্ধ থকাত চেপ্তেম্বৰতেই সংঘটিত এই ঘটনাৰ বাবে দেওবাৰেহে শিক্ষকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে পৰিয়ালে। অভিযোগ দাখিলৰ পিছত হে সমুখলৈ আহে সমস্ত ঘটনা৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শিক্ষকজনে নৃশংসভাৱে পিটাৰ ফলত শিশুটিৰ পিঠি আৰু হাতত বেয়াকৈ আধাত পায় যাৰ কাৰণে অস্ত্রোপচাৰ কৰিব লগা হয়।