ডিজিটেল ডেস্কঃ লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেল যিয়ে কোনো হিংসা বিদ্ৰোহ অবিহনে সৰলতা আৰু নিৰহংকাৰী স্বভাৱেৰে সকলো কাম নিয়াৰিকৈ কৰিব পাৰিছিল৷ এক কথাত ক’বলৈ গলে আধুনিক ভাৰতৰ নিৰ্মাতা আছিল তেওঁ৷
দেশৰ স্বাধীনতাৰ ওপৰত পেটেলে কৈছিল, ‘প্ৰতিজন নাগৰিকৰে প্ৰধান কৰ্তব্য হৈছে নিজৰ দেশ খনক স্বাধীন বুলি অনুভৱ কৰা আৰু এই স্বাধীনতাক সুৰক্ষা দিয়াতো দায়িত্ব’৷ তেওঁৰ কথাতেই তেওঁৰ প্ৰকৃত উদাৰ ৰূপ দেখা পোৱা যায়৷
ৰাজনীতি কৰাই নহয় প্ৰতিজন ভাৰতীয়ৰ উন্নয়নৰ কথাও ভাৱিছিল সকলো সময়তে৷ উন্নয়নৰ ক্ষেত্ৰত কৈছিল, ‘মোৰ একমাত্ৰ আকাংশা হৈছে ভাৰত প্ৰচুৰ কৃষি উৎপাদন শীল দেশত পৰিণত হোৱাটো, যাতে এই দেশৰ কোনোৱেই অনাহাৰে থাকিব লগীয়া নহয়’৷
ইংলেণ্ডত আইনি শিক্ষা লৈ অহা পেটেলে গান্ধীৰ অহিংস আন্দোলনৰ প্ৰতি আকৃষ্ট হৈ লাহে লাহে ৰাজনীতিৰ ক্ষেত্ৰখনত সোমাই পৰে, আৰু পিছলৈ মহাত্মা গান্ধীৰ প্ৰধান সহায়ক হৈ খেড়া আন্দোলনৰ নেতৃত্ব দিছিল৷
সেইজনা মহান ব্যক্তিৰে জন্মজয়ন্তীত সকলো কংগ্ৰেছৰ নেতাই স্মৰণ কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও তেওঁক সুৱৰে৷ লগতে তেওঁ অভিযোগ উত্থাপিত কৰে যে, দেশেৰ প্রগতি আৰু উন্নতিৰ কাৰণে চৰ্দাৰ বল্লভ ভাই পেটেলে যি কৰিছিল তাৰ প্ৰকৃত স্বীকৃতি তেওঁক দিয়া হোৱা নাই। চৰ্দাৰ পেটেলৰ জন্মদিন উপলক্ষে ‘ৰান ফৰ ইউনিটি’-ৰ সূচনা কৰি প্রধানমন্ত্রীয়ে এই কথা কয়৷
দিল্লীৰ ধ্যান চাঁদ ষ্টেডিয়ামত আৰম্ভ কৰা এই দৌৰ অনুষ্ঠানত মোডীয়ে কয়, চৰ্দাৰ পটেলকলৈ সকলো ভাৰতৰ জনতাই গৌৰৱ কৰা উচিত৷ লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেল আছিল দেশেৰ প্রথম স্বশ্বস্ব ৰাষ্ট্রমন্ত্রী তথা উপ প্রধানমন্ত্রী। সম্প্রতি মোডী চৰকাৰে ঘোষণা কৰে যে প্রতি বছৰে ৩১ অক্টোবৰত চৰ্দাৰ পেটেলৰ জন্মদিনৰ দিনতোত পালন কৰা হ’ব ৰাষ্টীয় একতা দিৱস হিচাপে।