লক্ষ্নৌঃ বুধবাৰে লক্ষ্নৌত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। ৰায়বেলিৰ সমীপৰ উচাঁহাৰত এনটিপিচি নামৰ পাৱাৰ প্লান্টত বায়ৰলৰ অট’মেটিক গেট এখন এলাৰ্ম নিদিয়াকৈ কোনো লোকে খুলি দিয়ে। যাৰ ফলত মুহূৰ্ততে ভয়াবহ অগ্নিকাণ্ডৰ সৃষ্টি হয়। আতংকময় পৰিবেশত শ্ৰমিকে প্ৰাণ বচাবলৈ ইপাল-সিফাল দৌৰা দৌৰি কৰে যদিও ২৫জন লোকৰ মৃত্যু হয়। কথমপি প্ৰাণ ৰক্ষা পৰে বহু লোকৰ।

এতিয়ালৈকে মুঠ ২৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হৈছে। আহত সকলক সংকটজনক অৱস্থাত লক্ষ্নৌৰ শ্যামা প্ৰসাদ মুখাৰ্জী চিভিল হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

এগৰাকী প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, 'চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱা তাৰে মাজত সোমাই পৰিছিলো মই, কোনোমতেহে প্ৰথম মহলাৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰিছো'।

জানিবলৈ পোৱা মতে, বায়ৰলৰ গেট যেতিয়াই খোলা হয় অভিযন্তাই আগতীয়াকৈ সকলোকে সষ্টম হ'বলৈ এলাৰ্ম বজায়। কিন্তু বুধবাৰে এই বিষয়ে একো খবৰ দিয়া নহল। 

দুৰ্ধটনাটোৰ সময়ত পাৱাৰ প্লান্টটোত ২৫০-৩০০ গৰাকী লোকে ভিতৰত কাম কৰি আছেল। যিটো সময়ত বায়ৰলটো ব্লাষ্ট হয় তাৰ লেলিহান শিখাই আগুৰি ধৰে সকলোকে।