ডিজিটেল ডেস্কঃ আমেৰিকাৰ ভাবুকিত ক্ষুণ্ণ হৈ পৰিছে উত্তৰ কোৰিয়া৷ আমেৰিকাক এশিকনি দিবলৈ মাৰবান্ধি লাগিছে দেশখনে৷ দেওবাৰে দেশখনৰ এটা মিছাইল পৰীক্ষণ অসফল হোৱাৰ পিছতে সোমবাৰে দেশখনৰ উপ বৈদেশীক মন্ত্ৰীয়ে বিবিচিৰ আগত প্ৰকাশ কৰিছে এক উদ্বেগজনক তথ্য৷

কেৱল মাহেক বা বছৰেকেত নহয়, এতিয়াৰ পৰা প্ৰয়োজন সাপেক্ষে পষেকতে মিছাইল পৰীক্ষা কৰিব উত্তৰ কোৰিয়াই৷  বিবিছিৰ সৈতে হোৱা এক সাক্ষাতকাৰত দেশখনৰ উপ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে যদিহে আমেৰিকাৰ আক্ৰমণক নিজ পন্থাৰে প্ৰত্যুত্তৰ দিব উত্তৰ কোৰিয়াই৷

উল্লেখযোগ্য যে ছিৰিয়াৰ মিছাইল আক্ৰমণৰ পিছতেই আমেৰিকাই উত্তৰ কোৰিয়া আৰু চীনক আক্ৰমণৰ লক্ষ্য কৰিব পাৰে বুলি উল্লেখ কৰিছিল ট্ৰাম্প প্ৰশাসনৰ এক জেষ্ঠ বিষয়াই৷ আনহাতে উত্তৰ কোৰিয়াৰ একাধিকবাৰ মিছাইল পৰীক্ষণৰ পিছতেই দেশখনৰ ওপৰত ক্ষুণ্ন হৈ পৰিছিল আমেৰিকা ৷

আমেৰিকাৰ এই ভাবুকিৰ পিছতেই শেহতীয়াকৈ এনে প্ৰতিক্ৰিয়াৰে যেন তৃতীয় বিশ্ব যুদ্ধৰ সংকেত কঢ়িয়ালে দেশখনে৷