74
ডিজিটেল ডেস্কঃ আমেৰিকাৰ যুঁজাৰু জাহাজক এবাৰতেই ধ্বংস কৰিব পাৰে উত্তৰ কোৰিয়াই৷ দেওবাৰে দেশখনৰ শাসক দলৰ বাতৰি কাকত ‘ৰ’ডং চিনমোন’ত প্ৰকাশ পাইছে এই কথা৷ আমেৰিকাৰ যুদ্ধ জাহাজক সাগৰ পৃষ্ঠত ডুবাবলৈ সাজু দেশখন৷
উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশ মৰ্মে আমেৰিকাৰ যুদ্ধ জাহাজ ইউএসএস কাৰ্ল ভিনসন কোৰিয়ান পেনিনচুলাৰ দিশে গতি কৰিছে৷ উত্তৰ কোৰিয়াৰ নিৰন্তৰ মিছাইল আৰু পাৰমাণৱিক পৰীক্ষনৰ ওপৰত ক্ষুণ্ণ হৈয়েই এই নিৰ্দেশ ট্ৰাম্পৰ৷