গুৱাহাটীঃ উচ্চতম ন্যায়ালয়ে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে দাবী আৰু আপত্তি দাখিলৰ সময়সীমা ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰিছে৷ এই সময়সীমা ১৫ ডিচেম্বৰত অন্ত পৰাৰ কথা আছিল৷

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পাছত প্ৰায় ৪০ লক্ষ আবেদনকাৰীৰ নাম অন্তৰ্ভুক্ত হোৱা নাই যদিও তেওঁলোকক নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে ন্যায়ালয়ে পূৰ্বে ১৫ ডিচেম্বৰলৈ দাবী আৰু আপত্তি দাখিলৰ সময়সীমা বান্ধি দিছিল৷

এই সময়ছোৱাত অতি কম সংখ্যক লোকেহে দাবী আৰু আপত্তি দাখিল কৰা আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে চৰকাৰী বিষয়া-কৰ্মচাৰী সকল নিৰ্বাচনী কামত ব্যস্ত থাকিবলগীয়া হোৱাৰ এন আৰ চিৰ কাম কিছু পৰিমাণে মন্থৰ হৈ পৰিছিল৷

উচ্চতম ন্যায়ালয়ে বুধবাৰে দাবী আৰু আপত্তি দাখিলৰ সময়সীমা বৃদ্ধি কৰাত এন আৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্তি নোহোৱাসকলে কিছু সকাহ পাইছে বুলি বিবেচিত হৈছে৷