newsnextone.com | ডিজিটেল ডেস্কঃ এনআৰচিৰ খচৰা প্ৰকাশ আৰু সম্পৰ্ণ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰা ঘটনাই দেশ উত্তাল কৰি থকাৰ সময়তে বিজেপিৰ ৰাষ্ট্ৰিয় সভাপতি অমিত শ্বাহে এখন সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদমেল অনুষ্ঠিত কৰি অমিত শ্বাহে বিৰোধী দল বিশেষকৈ তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।
মঙলবাৰে ৰাজ্যসভাত এনআৰচি সন্দৰ্ভত অমিত শ্বাহে বক্তব্য় প্ৰকাশ কৰি থকাৰ সময়তে বিৰোধী দলে তীব্ৰ হৈ হাল্লা কৰাত ভাষণ আধাতে সামৰিব লগা হয়। তাৰ পিছতে মঙলবাৰে দিল্লীত সংবাদমেল অনুষ্ঠিত কৰি অমিত শ্বাহে কয় যে এনআৰচিৰ পৰা কােনো ভাৰতীয়ৰ নাম বাদ পৰা নায়।