68
newsnextone.com | বিলাসীপাৰাঃ সোমবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা মুকলি কৰা হয়। এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা অনলাইন যোগে আনুষ্ঠানিকভাৱে মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।