ইম্ফলঃ ছ'চিয়েল মিডিয়া ফেচবুকত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক সমালোচনা কৰি ৰোষত পৰিল মণিপুৰৰ এজন সাংবাদিক৷ ৩৯ বছৰীয়া কিশোৰচন্দ্ৰ ওৱাঙখেমক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত বুধবাৰে এবছৰৰ বাবে কাৰাগাৰৰ বন্ধ কোঠৰীলৈ নিক্ষেপ কৰা হয়৷
ফেচবুকত এটা ভিডিঅ’ৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বি জে পিৰ এন বীৰেণ সিঙক সমালোচনা কৰিছিল আৰু মুখ্যমন্ত্ৰীজনক প্ৰধানমন্ত্ৰীৰ 'পুতলা’ বুলি আখ্যা দিছিল৷
এই প'ষ্টৰ পাছতেই সাংবাদিকজনক যোৱা ২৭ নৱেম্বৰত দেশৰ নিৰাপত্তা আৰু আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল৷
আৰ এছ এছে মণিপুৰত ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ জন্ম জয়ন্তী উপলক্ষে আয়োজন কৰা এক সমাৰোহক সাংবাদিকজনে সমালোচনা কৰি মন্তব্য কৰিছিল যে ৰাণী লক্ষ্মীবাইৰ মণিপুৰৰ লগত কোনো লেনা-দেনা নাছিল বুলি মন্তব্য কৰিছিল৷ ইয়াৰ পাছতেই তেওঁ এন এছ এছৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়৷
সাংবাদিকজনে মণিপুৰৰ স্বাধীনতা যুঁজাৰুসকলক অৱমাননা নকৰিবলৈও ছ'চিয়েল মিডিয়াত সাৱধান কৰি দিছিল৷
সাংবাদিকজনক আজি এন এছ এৰ অধীনত সৰ্বোচ্চ বাৰ মাহৰ বাবে আটক কৰাৰ পাছত তেওঁৰ অধিবক্তা এল ভিক্টৰে কয় যে চৰকাৰৰ এনে কাৰ্য আইনৰ অপ-প্ৰয়োগৰ নামান্তৰ মাত্ৰ৷
সাংবাদিক কিশোৰচন্দ্ৰৰ এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে পৰিয়ালে আদালতত প্ৰত্যাহ্বান জনাব বুলি জানিব পৰা গৈছে৷
এই গ্ৰেপ্তাৰক ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়ন আৰু প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই গৰিহণা দিছে৷ অৱশ্যে অল মণিপুৰ ৱৰ্কিং জাৰ্নেলিষ্ট ইউনিয়নে ছ'চিয়েল মিডিয়া সাংবাদিকতাৰ আওতাৰ বাহিৰত বুলি যুক্তি দৰ্শাই এই গ্ৰেপ্তাৰক বিৰোধিতা কৰা নাই৷
মণিপুৰৰ ৰাজ্যপাল ড০ নাজমা হেপতুল্লাই এক নিৰ্দেশনাযোগে কিশোৰচন্দ্ৰৰ গ্ৰেপ্তাৰত অনুমোদন জনায়৷
উল্লেখ্য যে সমগ্ৰ বিশ্বৰ ভিতৰতে সাংবাদিকৰ স্বাধীনতা সন্দৰ্ভত ভাৰতৰ স্থান ১৩৮ সংখ্যক৷ মিলিটেৰী জুণ্টাৰ পাছত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱা ম্যানমাৰ, যুদ্ধজৰ্জৰ আফগানিস্তান আৰু আফ্ৰিকীয় দেশ জিম্বাৱেতকৈও এই ক্ষেত্ৰত ভাৰত স্থান তলত৷