ডিজিটেল ডেস্কঃ নাগালেণ্ডৰ মন জিলাত আজি পুৱাৰ ভাগত সেনাৰ সৈতে হোৱা সংঘৰ্ষত তিনিজনকৈ এনএচচিএন (কে) সদস্যৰ মৃত্যু হৈছে।

টিজিত চক্ৰৰ লাপ্পা অঞ্চলত হোৱা সংঘৰ্ষত এজন সেনা বিষয়া, তিনিজন জোৱান আৰু এজন নাগৰিক আহত হোৱা বুলি প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ এজনে উল্লেখ কৰিছে।

পুৱাৰ ভাগত হোৱা এই সংঘৰ্ষ একেৰাহে কেবাঘণ্টাও চলে। পিছত ঘটনাস্থলীত উক্ত সদস্যকেইজনৰ মৃতদেহ পোৱা বুলি সেনাৰ সূত্ৰই উল্লেখ কৰিছে।

আন সদস্য পলাতক অৱস্থাত থকাৰ সন্দেহ কৰা সেনাই এতিয়াও অভিযান অব্যাহত ৰাখিছে। আন এক সূত্ৰৰ মতে উক্ত উগ্ৰপন্থীকেইজন আলফা স্বাধীনৰ সদস্য বুলি প্ৰকাশ পাইছে।